■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১৩ ছেপ্তেম্বৰত ছাইৰাঙত মিজোৰামৰ প্ৰথমটো ৰে’ল ষ্টেচন উদ্বোধন কৰিব । মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুঅ’মাই শুকুৰবাবে এই কথা প্ৰকাশ কৰে। ৫১ দশমিক ৩-৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈৰবী-ছাইৰাং সংযোগী ব্ৰজগজ ৰে’ল পথ অভিযান্ত্ৰিক সাফল্যৰ উজ্জ্বল নিদৰ্শনৰূপে পৰিগণিত হৈছে। এই পথছোৱাত ৪৮ টা সুৰংগ আৰু ৫৫ খন দলং আছে। এই ৰে’ল পথছোৱাত ১০৪ মিটাৰ উচ্চতাত দেশৰ সবাটোকৈ ওখ ৰে’ল সেতুও আছে। ২০০৮-০৯ চনত আৰমম্ভ কৰা এই প্ৰকল্পৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু ৰে’ল সুৰক্ষা আয়ুক্তই ইতিমধ্যে পথছোৱাৰে পৰীক্ষণমূলক ৰে’ল চলাচল সম্পন্ন কৰিছে। পথছোৱাৰে ছেপ্তেম্বৰৰ পৰা যাত্রীসেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ৰে’ল বিভাগে প্ৰকাশ কৰা মতে এই ৰে’ল পথছোৱাই পৰিবহন ব্যায় হ্ৰাস কৰাত সহায় কৰিব আৰু মিজোৰামৰ অৰ্থব্যৱস্থা সুদৃঢ় কৰাত সহায় কৰিব। ৰাজ্য চৰকাৰে ছাইৰাঙক অত্যাধুনিক সা- সুবিধাৰে সৈতে বিশ্বমানৰ ষ্টেচনৰূপে বিকশাই তোলাৰ পৰিকল্পনা কৰিছে।
Site Admin | August 24, 2025 12:52 PM | Indian Railway | Indian Railway Dept. | Mizoram | PMO India | PMO Modi
১৩ ছেপ্তেম্বৰত ছাইৰাঙত মিজোৰামৰ প্ৰথমটো ৰে’ল ষ্টেচন উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ
