ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

১২ জানুৱাৰীৰপৰা মহা কুম্ভমেলা

উত্তৰ প্ৰদেশত অহা ১২ জানুৱাৰীৰপৰা হ’বলগীয়া মহা কুম্ভমেলাত অসমকে ধৰি উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা সত্ৰাধিকাৰ আৰু পুৰোহিতসকলে প্ৰথমবাৰৰ বাবে অংশগ্রহণ কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অনান্য ৰাজ্যৰ লগতে উত্তৰপূবৰ ৰাজ্য কেইখনক এই মেলালৈ আমন্ত্ৰণ জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এই ৰাজ্যসমূহৰ পুৰোহিতসকলক ৰাজ্যিক অতিথিৰ মৰ্যাদা দিয়া হ’ব বুলিও ঘোষণা কৰিছে। মাজুলি দক্ষিণপাত সত্ৰ, গড়মূৰ সত্ৰকে ধৰি কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰসকল এই মেলাত উপস্থিত থাকিব। একেদৰে, ত্ৰিপুৰা আৰু অন্য ৰাজ্যৰ পুৰোহিতো এই অনুষ্ঠানত উপস্থিত থাকিব। তেওঁলোকে মেলাৰ অংশ হিচাপ হ’বলগীয়া ৰাজকীয় স্নানটো অংশ ল’ব। এই উপলক্ষে বিভিন্ন ধৰ্মীয় অনুষ্ঠান আৰু ভাগৱত কথাৰো আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।