১০ বছৰৰ ভিতৰত ভাৰত-ম্যানমাৰ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ সিদ্ধান্ত কেন্দ্ৰৰ

■ উগ্রপন্থী সংগঠন আলফা স্বাধীনকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ উগ্ৰপন্থী গোটসমূহৰ আহ-যাহ বন্ধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অহা ১০ বছৰৰ ভিতৰত ভাৰত-ম্যানমাৰ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ সিদ্ধান্ত লৈছে। ৩১ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ এই কাম ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ অধীনত এহেজাৰ ৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-ম্যানমাৰ সীমান্তত অত্যাধুনিক প্রযুক্তিৰে নিৰ্মিত কাঁইটিয়া তাঁৰৰ বেৰ দিয়া হ’ব। আছাম ৰাইফল্‌ছৰ অভিযন্তাই কাটিব নোৱাৰা আৰু বগাব নোৱাৰা কাঁইটিয়া তাঁৰৰ বেৰৰ নতুন প্রযুক্তি উদ্ভাৱন কৰিছে আৰু এই প্ৰযুক্তিৰে সীমান্ত ছীল কৰা হ’ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ স্থায়ী সমিতিয়ে অলপতে দাখিল কৰা এখন প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰে। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম এই চাৰিখন ৰাজ্যত বিস্তৃত ভাৰত-ম্যানমাৰ সীমান্তৰ দুয়োপাৰে থকা ১০ কিলোমিটাৰ মুক্ত বিচৰণ অঞ্চলত দুয়োখন দেশৰ নাগৰিকে ভিছা, পাৰপত্ৰ বা অন্যান্য নথিপত্র অবিহনে আহ-যাহ কৰিব পাৰে। এই ব্যৱস্থাৰ সুযোগ লৈয়ে উগ্ৰপন্থী সংগঠন নাইবা অনুপ্রৱেশকাৰীয়ে সহজে ভাৰতত প্ৰৱেশ কৰে আৰু কূটাঘাত সংঘটিত কৰে বুলি মন্ত্ৰ্যালয়ে তথ্য প্ৰকাশ কৰিছে। দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে যোৱাবছৰ ফেব্ৰুৱাৰীত ভাৰত-ম্যানমাৰ সীমান্ত ছীল কৰাৰ কথা ঘোষণা কৰিছিল। যোৱা বছৰৰ এপ্ৰিলৰ পৰা ৩১ ডিচেম্বৰলৈ সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণত ১১৪ কোটি টকাৰো অধিক ধন ব্যয় কৰা হৈছে।