কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ শ্ৰমিক আৰু কৃষক বিৰোধী নীতি গ্ৰহণ কৰা বুলি অভিযোগ কৰি দেশৰ ১০টা শ্রমিক সংগঠনৰ উমৈহতীয়া মঞ্চই আজি আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ অসমতো পৰিলক্ষিত হয়। আমাৰ বিভিন্ন জিলাৰ সংবাদদাতাই জনোৱা মতে বন্ধৰ ফলত উত্তৰ গুৱাহাটীৰ ৰন্ধন গেছৰ বটলিং প্লেণ্ট, দুলীয়াজানৰ অইল ইণ্ডিয়াৰ অধীনস্থ তৈল প্রতিষ্ঠানসমূহ, নাজিৰাৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ মুখ্য কার্যালয়কে ধৰি বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানৰ কাম-কাজ ব্যাহত হৈছে। নুমলীগড় শোধনাগাৰৰ কাম-কাজো আজি বন্ধৰ ফলত প্ৰভাৱিত হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। গুৱাহাটী মহানগৰীত আজি ব্যক্তিগত খণ্ডৰ চিটী বাছ আৰু দূৰণিবটীয়া বাছৰ চলাচল বন্ধ আছে। অৱশ্যে অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনস্থ গ্ৰীণ বাছ সেৱা আৰু সৰু বাণিজ্যিক বাহনসমূহ চলাচল কৰি আছে। ধৰ্মঘটৰ ফলত আজি অসমতো বেংক আৰু বীমা কোম্পানীসমূহৰ কাম-কাজো প্ৰভাৱিত হয়। অৱশ্যে ষ্টেট বেংক অব ইণ্ডিয়াৰ মূল শাখাসমূহৰ কাম-কাজ প্রায় স্বাভাৱিক হৈ থাকে বুলি কোৱা হৈছে। ধৰ্মঘটৰ অন্যতম অংশীদাৰ অল ইণ্ডিয়া চেণ্ট্ৰেল কাউন্সিল অব ইউনিয়নছ আৰু ইউনাইটেড ৱৰ্কমেন ইউনিয়ন, ইণ্ডিয়া কার্বন এমপ্লইজ এণ্ড লেবাৰ ইউনিয়নকে ধৰি কেইবাটাও শ্রমিক সংগঠনৰ ধৰ্মঘটৰ ফলত গুৱাহাটী শোধনাগাৰ, ইণ্ডিয়া কার্বন প্রাইভেট লিমিটেড আৰু আছাম কার্বন প্রাইভেট লিমিটেডৰ কাম-কাজ ব্যাহত হয়। গুৱাহাটীৰ খানাপাৰাতো কেইবাটাও শ্রমিক সংগঠনে আজি প্ৰতিবাদ সাব্যস্ত কৰে। বঙাইগাঁৱৰ বি আৰ পি এলৰ কাম-কাজ চলি আছে বুলি আমাৰ সংবাদদাতাই জনাইছে। শিলচৰত আজি শ্রমিক সংগঠনৰ প্ৰতিনিধিসকলে বিভিন্ন ঠাইত বন্ধৰ সমৰ্থনত পিকেটিং কৰে। শ্রীভূমি জিলাত আজি পুৱাৰে পৰা ব্যৱসায় প্রতিষ্ঠানসমূহ বন্ধ থকাৰ লগতে সাধাৰণ জনজীৱন ব্যাহত হয়। চৰকাৰী কাৰ্যালয়সমূহত কৰ্মচাৰীৰ উপস্থিতি সেৰেঙা হোৱা দেখা যায়।
চৰাইদেউ জিলাত আজি বন্ধৰ ব্যাপক প্ৰভাৱ দেখা যায়। অৱশ্যে বন্ধৰ পৰা ছাত্ৰ-ছাত্ৰী আৰু ৰোগী কঢ়িয়াই অনা বাহনসমূহক ৰেহাই দিয়া হয়। যোৰহাট জিলাত আজি চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে সোণাৰি-টীয়ক চাহ বাগিছা গোটে দুঘণ্টাজোৰা ধৰ্ণা কাৰ্যসূচী পালন কৰে। ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ডিমাকুছি চাহবাগিছাৰ শ্ৰমিকসকলে আজি এঘণ্টাজোৰা ধৰ্ণা কাৰ্যসূচী পালন কৰে
শিৱসাগৰ জিলাতো আজি এই বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয়। ধুবুৰী জিলাতো আজি এই বন্ধৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হয়। জিলাখনত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ ফলত জনজীৱন ব্যাহত হৈ পৰে। ধুবুৰী চহৰৰ লগতে গৌৰীপুৰ, গোলকগঞ্জ আৰু বিলাসীপাৰা সমজিলাৰ সৰহ সংখ্যক বিত্তীয় প্রতিষ্ঠান, ডাকঘৰ আদি বন্ধ থকা পৰিলক্ষিত হয়। একাংশ ধৰ্মঘটকাৰীয়ে জিলাখনৰ বিভিন্ন পথ অৱৰোধ কৰি বন্ধ সফল কৰাৰ চেষ্টা চলায়। জিলাখনৰ প্ৰায়ভাগ চৰকাৰী কাৰ্যালয়তে কৰ্মচাৰীৰ উপস্থিতি সেৰেঙা হোৱা পৰিলক্ষিত হয়।
বৰপেটা জিলাত আজি বন্ধৰ প্ৰভাৱ দেখা যায়। ভাৰতীয় জীৱন বীমা নিগমৰ বৰপেটা শাখাই আজি ধর্মঘট পালন কৰে। ধৰ্মঘটকাৰীসকলে কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত শ্ৰম ক’ড বাতিল, ভাৰতীয় জীৱন বীমা নিগমৰ প্রিমিয়ামত জি এছ টি প্ৰত্যাহাৰকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে। কামৰূপ জিলাতো আজি শতাধিক শ্রমিক আৰু কৃষকে প্রতিবাদী কাৰ্যসূচী পালন কৰে। ইয়াৰ ফলত জিলাখনত যান-বাহনৰ চলাচল বন্ধ হোৱাৰ লগতে জনজীৱন ব্যাহত হয়। বাক্সা জিলাত গৃহ নির্মাণ শ্রমিক সন্থাই অঞ্চলিত ধর্মঘট কাসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে ১১টা দাবী পূৰণৰ বাবে এই প্রতিবাদ কৰিছে বুলি উল্লেখ কৰে। গোৱালপাৰা জিলাতো আজি বন্ধৰ ফলত যান-বাহনৰ চলাচল সীমিত হোৱাৰ লগতে বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান বন্ধ থকা পৰিলক্ষিত হয়।
Site Admin | July 9, 2025 7:33 PM | Assam Bandh
১০টা শ্রমিক সংগঠনৰ উমৈহতীয়া মঞ্চই আহ্বান জনোৱা ভাৰত বন্ধৰ অসমতো প্ৰভাৱ