হোমেন বৰগোহাঁঞিৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি কাইলৈ ২০২৫ বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰা হ’ব

ৰাজ্যৰ জাতীয় জীৱনৰ এগৰাকী পুৰোধা ব্যক্তি হোমেন বৰগোহাঁঞিৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি কাইলৈ ২০২৫ বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰা হ’ব। কাইলৈ কটন বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত সাহিত্য বঁটা আৰু পেঞ্চন প্ৰদান কৰা হ’ব। দিনৰ ১১ বজাত হ’বলগীয়া এই অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এইবাৰ মুঠ ১৮ গৰাকী সাহিত্যিকে সাহিত্য বঁটা লাভ কৰাৰ লগতে ১০ গৰাকী সাহিত্যিকলৈ সাহিত্য পেঞ্চন আগবঢ়োৱা হৈছে।

২০২৫ বৰ্ষৰ সাহিত্য বঁটা লাভ কৰা সকলৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ড° সূর্যকান্ত হাজৰিকা, কিশোৰী মোহন দাস, অৰ্পণা কোঁৱৰ, আশুতোষ দাস, গুৰমাইল সিং, সুৱৰ্ণা শ‍ইকীয়াকে ধৰি আন কেইবাগৰাকী সাহিত্যিক আছে।

সাহিত্যিকসকলক বঁটাৰ লগতে ৫০ হাজাৰকৈ টকা প্ৰদান কৰা হ’ব। ইপিনে, সাহিত্য পেঞ্চন লাভ কৰাসকলে প্ৰতিমাহে ৮ হাজাৰ টকাকৈ লাভ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।