November 2, 2025 8:02 PM | Cricket India Win

printer

হোবার্টত অনুষ্ঠিত টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত ভাৰতৰ হাতত অষ্ট্ৰেলিয়া পৰাস্ত

হোবার্টত অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰে। ভাৰতে ১৮৭ ৰানৰ বিজয় লক্ষ্যৰে খেলি ৯ টা বল বাকী থকা অৱস্থাত ৫ টা উইকেটৰ বিনিময়ত ১৮৮ ৰান কৰি বিজয় সাব্যস্ত কৰে। ৱাশ্বিংটন সুন্দৰে ২৩ টা বলত ৪৯ ৰান কৰি অপৰাজিত হৈ থাকে। ৪ টা অভাৰত ৩ টা উইকেট দখল কৰা অৰ্শদীপ সিঙক প্লেয়াৰ অব দ্যা মেচ ঘোষণা কৰা হয়। এই বিজয়েৰে ভাৰতে ৩ খনীয়া শৃংখলাৰ ১-১ৰ সমতা স্থাপন কৰে।  ইয়াৰ পূর্বে অষ্ট্ৰেলিয়াই প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৮৬ ৰাণ সংগ্ৰহ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।