হোজাই জিলাৰ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ আজি দ্বিতীয় দিনাও অব্যাহত আছে। এই অভিযানৰ জৰিয়তে অঞ্চলটোত ৩০-৪০ বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা ১,২৫০ টা পৰিয়ালৰ ভিতৰত ১,০৯৮টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবাহাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰাৰ পাছত ১,২০০ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰিছিল। ইয়াৰে ১৫০ টা পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চপাত সাময়িকভাৱে এই পৰিয়ালকেইটাৰ ভূমি উচ্ছেদ স্থগিত ৰখা হৈছে। উচ্ছেদ অভিযানত ৫৩ খন বুলডজাৰ ব্যৱহাৰ কৰা হৈছে। উচ্ছেদথলীত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰবাবে কেইবাশ আৰক্ষী আৰু চি আৰ পি এফৰ জোৱান নিয়োগ কৰা হয়। উচ্ছেদকালত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ উপৰি কেইবাগৰাকী শীৰ্ষ বিষয়াই পৰিস্থিতি পর্যবেক্ষণ কৰে।
Site Admin | January 3, 2026 6:49 PM | Akashvani | Akashvani News | Assam Eviction
হোজাই জিলাৰ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ