ডাউনলোড
মোবাইল এপ

android apple
signal

হোজাই জিলাৰ কাকি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য মেলাৰ আয়োজন

হোজাই জিলাত ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাল, লায়ন্স ক্লাৱ আৰু জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সৌজন্যত আজি কাকি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য মেলাৰ আয়োজন কৰা হয়। কাকি অঞ্চলৰ লোকসকলক গুণগত চিকিৎসা সেৱা প্ৰদান, বিনামুলীয়া ৰোগ পৰীক্ষা আৰু ঔষধ বিতৰণৰ উদ্দেশ্যে চলিত বৰ্ষত তৃতীয়বাৰৰ বাবে এই স্বাস্থ্য মেলাৰ আয়োজন কৰা হয়। ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ চিকিৎসা কর্মীসকলে সুশৃংখলিতভাৱে আয়োজন কৰা এই মেলাত স্বাস্থ্য পৰিচয় পত্ৰৰ লগতে মধুমেহ, উচ্চ ৰক্তচাপ, মুখ গহ্বৰৰ কৰ্কট ৰোগ আদিৰ বিনামুলীয়া পৰীক্ষা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।