হোজাই জিলাৰ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা ভূমি দখল মুক্ত কৰাৰ বাবে প্রশাসনে চলোৱা উচ্ছেদ অভিযান শান্তিপূর্ণভাবে সম্পন্ন হয়। এই অভিযানৰ জৰিয়তে অঞ্চলটোত ৩০-৪০ বছৰ ধৰি অবৈধভাবে বাস কৰি থকা ১২৫০ টা পৰিয়ালৰ ভিতৰত ১০৯৮টা পৰিয়ালক উচ্ছেদ কৰাৰ লক্ষ্য লোৱা হৈছিল। এই অভিযানত ১০১৬ টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবাহাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰাৰ পাছত ১২০০ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰিছিল। ইয়াৰে ১৫০টা পৰিয়ালে সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চপাত সাময়িকভাৱে এই পৰিয়ালকেইটাৰ ভূমিত উচ্ছেদ স্থগিত ৰখা হয়। উচ্ছেদথলীত যাতে কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰবাবে কেইবাশ আৰক্ষী আৰু চি আৰ পি এফৰ জোৱান নিয়োগ কৰা হয়।
Site Admin | January 4, 2026 8:41 AM | Dabaka Eviction
হোজাইৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা ভূমি দখল মুক্ত কৰাৰ বাবে প্রশাসনে চলোৱা উচ্ছেদ অভিযান শান্তিপূর্ণভাবে সম্পন্ন