বিৰোধী পক্ষৰ সাংসদসকলে অপাৰেছন সিন্দূৰ আৰু বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনকে ধৰি বিভিন্ন বিষয়ক লৈ আলোচনাৰ দাবীক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে আজি লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। কাম-কাজ দ্বিতীয়বাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ দুই বজাত সদন মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সাংসদসকলে তেওঁলোকৰ দাবীৰ সমৰ্থনত পুনৰ ধ্বনি দিবলৈ ধৰে। অধ্যক্ষই সাংসদসকলক নিজ নিজ আসনলৈ ঘুৰি যাবলৈ আৰু সদনৰ কাম-কাজ সূচাৰুৰূপে চলাই নিয়াত সহযোগ কৰিবলৈ আহ্বান জনায়। বিষয়সমূহক লৈ আলোচনা হ’ব বুলি অধ্যক্ষই সাংসদসকলক আশ্বাস দিয়ে। ইয়াৰ মাজতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সদনৰ কাম-কাজ ব্যাহত কৰা কাৰ্যক গৰিহণা দিয়ে আৰু বিৰোধী পক্ষৰ সদস্যসকলে আলোচনা নিবিচাৰে বুলি অভিযোগ তোলে। তেওঁ কয়, যে কালি অনুষ্ঠিত কার্যক্রমণিকা উপদেষ্টা কমিটিৰ বৈঠকত অপাছেন সিন্দূৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিৰোধী পক্ষৰ অভিপ্ৰায়ক লৈ প্ৰশ্ন তুলি শ্ৰীৰিজিজুৱে কয়, যে চৰকাৰ আলোচনাৰ বাবে সাজু আছে যদিও তেওঁলোকে কাম-কাজ বিঘ্নিত হোৱাটোহে বিচাৰে। অধ্যক্ষই বাৰে বাৰে অনুৰোধ জনোৱা সত্তেও বিৰোধী পক্ষৰ সাংসদসকলে নিজ নিজ দাবীৰ সমৰ্থনত ধ্বনি দি থাকে আৰু সদনৰ মজিয়ালৈ উঠি যায়। অচলাৱস্থা অব্যাহত থকাত অধ্যক্ষই সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে প্ৰথমবাৰ কাৰ্যক্ৰমণিকা স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত নিম্ন সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধীপক্ষৰ সাংসদসকলে বিভিন্ন বিষয় সন্দৰ্ভত আলোচনাৰ বাবে দাবী জনাই পুনৰ ধ্বনি দিবলৈ আৰম্ভ কৰে আৰু সদনৰ মজিয়ালৈ উঠি যায়। সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা জগদম্বিকা পালে বিৰোধী পক্ষৰ সাংসদসকলক কাম-কাজ চলাই নিয়াত সহযোগিতা কৰিবলৈ অনুৰোধ জনায় যদিও সাংসদসকলে তেওঁৰ অনুৰোধৰ প্ৰতি কানসাৰ নিদিয়ে।
সংসদীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালেও সদনৰ কামকাজ চলাই নিয়াত সহযোগ কৰিবলৈ অনুৰোধ জনায়। তেওঁ কয়, যে সদন পৰিচালনাৰ নিয়ম অনুসৰি সকলো বিষয় লৈ আলোচনা কৰিবলৈ চৰকাৰ সাজু। ইয়াৰ মাজতে অধ্যক্ষই অপাৰেছন সিন্দূৰ সন্দৰ্ভত আলোচনা কৰিবলৈ চৰকাৰ সাজু আৰু এই আলোচনাৰ বাবে ১৬ ঘণ্টা নিৰ্ধাৰণ কৰা হৈছে বুলি উল্লেখ কৰে। তাৰ পাছতো পৰিস্থিতি উন্নত নোহোৱাত অধ্যক্ষই সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰাখে। ইয়াৰ আগেয়ে দিনৰ এঘাৰ বজাত লোকসভা মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সদন উত্তাল কৰি তোলে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিৰোধী পক্ষৰ সাংসদসকলক প্রশ্নকাল চলাই নিবলৈ আহ্বান জনায়। কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শিৱৰাজ চৌহানেও একেধৰণৰ মত প্ৰকাশ কৰি প্ৰতিবাদৰত সদস্যসকলক কাম-কাজ চলাই নিয়াত সহযোগ কৰিবলৈ আহ্বান জনায়। ৰাজ্যসভাতো অপাছেন সিন্দূৰ আৰু বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বিষয় লৈ আলোচনা কৰাৰ দাবীত বিৰোধী পক্ষৰ সদস্যসকলে একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰে। দিনৰ এঘাৰ বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে, আৰ জে দি, সমাজবাদী পাৰ্টী আৰু অন্য দলৰ সাংসদসকলে ধ্বনি দিবলৈ ধৰে। উপ সভাপতি হৰিবংশে প্ৰতিবাদৰত সদস্যসকলক কাম-কাজ চলাই নিয়াত সহায় কৰিবলৈ আহ্বান জনাই যদিও তেওঁৰ প্রচেষ্টা অথলে যায়। হুলস্থুলীয়া পৰিস্থিতিৰ মাজত উপ সভাপতিয়ে সদনৰ কাম-কাজ দুপৰীয়া বাৰ বজালৈ স্থগিত ৰাখে। প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱা সময়ত বিৰোধী পক্ষৰ সদস্যসকলে একেধৰণৰ বিষয় উত্থাপন কৰি সদন উত্তাল কৰি তোলে। হুলস্থূলীয়া পৰিৱেশৰ মাজতে সেই সময়ত সভাপতিৰ আসনত থকা বিজেপি সাংসদ ঘনশ্যাম তিৱাৰীয়ে প্ৰশ্নকাল আগবঢ়াই নিয়াৰ চেষ্টা কৰে যদিও ব্যর্থ হয়। ইয়াৰ মাজতে শ্ৰীতিৱাৰীয়ে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগ সন্দৰ্ভত গৃহমন্ত্র্যালয়ে প্রকাশ কৰা অধিসূচনাৰ বিষয়ে সদনক অৱগত কৰে।
Site Admin | July 22, 2025 8:42 PM | Parliament adjourned
হুলস্থূলীয়া পৰিৱেশৰ বাবে উভয় সদনৰ কাম-কাজ স্থগিত
