হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ উভয় সদনৰ কামকাজ ব্যাহত

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰু অন্যান্য বিষয় সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি এই সপ্তাহৰ চতুৰ্থ দিনাও সংসদৰ উভয় সদনৰ কামকাজ ব্যাহত হয়।
দ্বিতীয়বাৰ স্থগিতকৰণৰ পাছত দিনৰ ২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সাংসদসকলে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ বিষয়টো আলোচনাৰ দাবী জনাই সদনৰ মজিয়ালৈ উঠি আহি ধ্বনি দিবলৈ আৰম্ভ কৰে। সেই সময়ত অধ্যক্ষৰ আসনত থকা সদস্যগৰাকীয়ে কয়, যে ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বিষয়টো নিৰ্বাচন আয়োগৰ অধীনত আছে আৰু ইয়াৰ প্ৰক্ৰিয়া চলি আছে। তেওঁ লগতে কয়, যে বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে আৰু সদনত ইয়াৰ আলোচনা কৰিব নোৱাৰি। তেওঁ প্ৰতিবাদত সাংসদসকলক নিজৰ নিজৰ আসনলৈ উভতি যাবলৈ আৰু সদনৰ কামকাজ চলাই নিয়াত সহযোগ কৰিবলৈ আহ্বান জনায়। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে সদনত মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ সংশোধনী বিধেয়ক, ২০২৫ আৰু মণিপুৰ বিনিয়োজন (সংখ্যা ২) বিধেয়ক ২০২৫ গৃহীত হয়। সদন পৰিচালনাৰ দায়িত্বত থকা সদস্যগৰাকীয়ে বিৰোধীপক্ষৰ সাংসদসকলে প্ৰতিবাদ অব্যাহত ৰখাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি তেওঁলোকক এই আলোচনাত অংশ লৈ সাংবিধানিক দায়িত্ব পালন কৰিবলৈ সোঁৱৰাই দিয়ে। ইয়াৰ পাছতো হুলস্থূলীয়া পৰিস্থিতি বাহাল থকাত অধ্যক্ষই দিনটোৰ বাবে সদন স্থগিত ঘোষণা কৰে। ইয়াৰ পূৰ্বে কাৰ্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ সংশোধনী বিধেয়ক, ২০২৫ উত্থাপন কৰে। শ্ৰী মতী সীতাৰমনে লগতে মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ সংশোধনী অধ্যাদেশ, ২০২৫ প্ৰৱৰ্তন কৰি ততালিকে আইন প্রণয়নৰ কাৰণৰ বিষয়ে ব্যাখ্যামূলক বিবৃতি সদনৰ বিবেচনাৰ বাবে দাখিল কৰে। ইয়াৰ পাছতে সেইসময়ত সদন পৰিচালনাৰ দায়িত্বত থকা সন্ধ্যা ৰয়ে শূন্যকালৰ কাম-কাজ চলাই নিয়াৰ চেষ্টা চলাই যদিও বিৰোধী পক্ষৰ একাংশ সাংসদে সদনৰ মজিয়ালৈ উঠি যায় আৰু ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন সন্দৰ্ভত আলোচনাৰ দাবী কৰি ধবনি দিবলৈ ধৰে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে শ্ৰীমতী ৰয়ে সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰাখে।
ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্রশ্নোত্তৰ কালৰ কাম আগুৱাই নিয়াৰ চেষ্টা চলাই যদিও বিৰোধী পক্ষৰ সদস্যসকলে ভোটাৰ তালিকাত বিশেষ বিস্তৃত সংশোধন সম্পর্কে আলোচনাৰ দাবী তুলি ধবনি দিবলৈ ধৰে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী মনোহৰ লালে স্মাৰ্ট চিটী অভিযানৰ স্থিতি সন্দৰ্ভত সোধা এটা প্রশ্নৰ উত্তৰ দিয়ে। মন্ত্ৰী গৰাকীয়ে উত্তৰ দিয়াৰ সময়তো হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত অধ্যক্ষই সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ১২ বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে।
ৰাজ্যসভাতো আজি অনুৰূপ পৰিস্থিতিৰ উদ্ধৱ হয়। প্ৰথমবাৰৰ বাবে কার্যক্রমণিকা স্থগিত ৰখাৰ পাছত দিনৰ ২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী সাংসদসকলে ভোটাৰ তালিকাৰ বিশেষ সংশোধনক লৈ ধ্বনি দিবলৈ আৰম্ভ কৰে। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে সদনত উপকূলীয় জাহাজ পৰিবহন বিধেয়ক গৃহীত হয়। ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাৰ্গেই কয়, যে বিৰোধী পক্ষ সহযোগিতা কৰিবলৈ সাজু আছে, কিন্তু সদনে ভোটাৰ তালিকাৰ বিশেষ সংশোধন সন্দৰ্ভত আলোচনাৰ বাবে অনুমতি দিব লাগিব। হুলস্থূলীয়া পৰিৱেশৰ মাজতে সভাপতিয়ে সদনৰ কামকাজ দিনটোৰ বাবে স্থগিত ৰাখে। ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত ৰাজ্যসভা মিলিত হোৱাৰ সময়ত উপসভাপতি হৰিবংশে বিভিন্ন ৰাজনৈতিক দলৰ পৰা ভিন ভিন বিষয় লৈ ২৫খন সভাস্থগিতকৰণৰ জাননী লাভ কৰা বুলি জানিবলৈ দিয়ে। তেওঁ লগতে সদন পৰিচালনাৰ নীতি-নিয়মৰ দোহাই দি জাননী কেইখন প্রত্যাখ্যান কৰা বুলি প্ৰকাশ কৰে। ইয়াৰ পাছতে বিৰোধী পক্ষৰ সাংসদসকলে ধবনি দিবলৈ আৰম্ভ কৰে। উপ-সভাপতিগৰাকীয়ে কয়, যে বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত ইতিমধ্যে ৫১ ঘণ্টাৰো অধিক সময় ৰাজ্যসভাত কাম-কাজ বিঘ্নিত হৈছে। ইয়াৰ পাছতো অচলাৱস্থা অব্যাহত থকাত উপসভাপতিগৰাকীয়ে সদনৰ কাক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলৈ বাধ্য হয়।