বিৰোধী পক্ষৰ সাংসদসকলে বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি একেৰাহে তৃতীয় দিনাও সংসদৰ দুয়োখন সদনৰ কাম-কাজ ব্যাহত হয়। বিৰোধী পক্ষৰ সাংসদসকলে বিহাৰত ভোটাৰ তালিকাত বিশেষ সংশোধন আৰু বিভিন্ন বিষয় লৈ আলোচনাৰ বাবে দাবী জনায়।
লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখাৰ পূৰ্বে দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ ২ বজাত নিম্ন সদন দ্বিতীয়বাৰৰ বাবে পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে আৰু সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী পক্ষৰ সাংসদসকলে সদনৰ মজিয়ালৈ উঠি আহি শ্ল’গান দিবলৈ ধৰে। অধ্যক্ষৰ আসনত থকা সদস্যগৰাকীয়ে প্ৰতিবাদৰত সদস্যসকলক সদনৰ কাম-কাজ চলাই নিয়াত সহযোগ কৰিবলৈ আহ্বান জনায়। সদনত আজি গোৱাৰ বিধানসভা সমষ্টিসমূহত অনুসূচিত জনজাতিৰ প্ৰতিনিধিত্বৰ পুনৰ সংযোজন বিধেয়ক, ২০২৪ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাৰ বাবে সকলো সদস্যই নিয়ম-শৃংখলা বজাই ৰখা উচিত বুলি অধ্যক্ষৰ আসনত থকা সদস্যগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে ইতিমধ্যে অধিৱেশনৰ দুটাকৈ গুৰুত্বপূৰ্ণ দিন ক্ষতি হৈছে আৰু বিৰোধী পক্ষই এই বিধেয়কক লৈ আলোচনাৰ বাবে অনুমতি দিব লাগে। ইয়াৰ পূৰ্বে লোকসভাৰ কাৰ্যক্ৰমণিকা প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত নিম্ন সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সাংসদসকলে বিহাৰত ভোটাৰ তালিকাত বিশেষ সংশোধন আৰু বিভিন্ন বিষয় লৈ আলোচনাৰ বাবে দাবী জনাই ধ্বনি দিবলৈ আৰম্ভ কৰে আৰু বিশেষ সংশোধনৰ প্ৰক্ৰিয়া প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। এনে হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে যুৱ-পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই ৰাষ্ট্ৰীয় ক্রীড়া পৰিচালন বিধেয়ক-২০২৫ আৰু ৰাষ্ট্ৰীয় ডপিং প্ৰতিৰোধী সংশোধনী বিধেয়ক-২০২৫ সদনৰ বিবেচনার্থে উত্থাপন কৰে। সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা সন্ধ্যা ৰয়ে শূন্য কালৰ কাম-কাজ আগবঢ়াই নিয়াৰ চেষ্টা চলাই যদিও বিৰোধী একাংশ সাংসদে ধবনি দি সদনৰ মজিয়ালৈ উঠি যায়। শ্ৰীমতী ৰয়ে বিৰোধী পক্ষই উত্থাপন কৰা বিষয়সমূহক লৈ আলোচনা কৰিবলৈ চৰকাৰ সাজু বুলি উল্লেখ কৰে যদিও তেওঁলোকে সদনৰ কাম-কাজ ব্যাহত কৰে। অচলাৱস্থা দূৰ নোহোৱাত সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ আগেয়ে দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকালৰ কাম আৰম্ভ কৰে যদিও বিৰোধী পক্ষৰ সদস্যসকলে একেই বিষয় লৈ আলোচনাৰ দাবী জনাই ধ্বনি দিবলৈ ধৰে। লোকসভাৰ অধ্যক্ষই প্রশ্নকালৰ কাম-কাজ চলাই নিয়াত সহযোগিতা কৰিবলৈ আহ্বান জনাই যদিও তেওঁৰ চেষ্টা অথলে যায়। হুলস্থূলীয়া পৰিস্থিতিৰ বাবে অধ্যক্ষই সদনৰ কাম-কাজ দুপৰীয়া ১২ বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইপিনে, কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত ৰাজ্যসভা পুনৰ মিলিত হোৱাৰ সময়ত উচ্চ সদনতো অনুৰূপ পৰিস্থিতিৰ উদ্ভৱ হয়। সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা ঘনশ্যাম তিৱাৰীয়ে প্রশ্নকাল আগবঢ়াই নিয়াৰ চেষ্টা চলাই যদিও বিৰোধী পক্ষৰ সদস্যসকলে নিজৰ নিজৰ দাবীৰ সমৰ্থনত ধবনি দি সদন উত্তাল কৰি তোলে। হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে শ্ৰীতিৱাৰীয়ে সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰাখে।