■ বিৰোধী পক্ষৰ সাংসদসকলে বিভিন্ন বিষয়ক লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। কার্যক্রমণিকা প্ৰথমবাৰ স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত নিম্ন সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধীপক্ষৰ সাংসদসকলে বিহাৰত ভোটাৰ তালিকাত বিশেষ সংশোধন আৰু বিভিন্ন বিষয় লৈ আলোচনাৰ বাবে দাবী জনাই ধবনি দিবলৈ আৰম্ভ কৰে আৰু বিশেষ সংশোধনৰ প্ৰক্ৰিয়া প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। এনে হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই ৰাষ্ট্ৰীয় ক্রীড়া পৰিচালন বিধেয়ক ২০২৫ আৰু ৰাষ্ট্ৰীয় ডপিং প্ৰতিৰোধী সংশোধনী বিধেয়ক ২০২৫ সদনৰ বিবেচনার্থে উত্থাপন কৰে। সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা সন্ধ্যা ৰয়ে শূণ্য কালৰ কাম-কাজ আগবঢ়াই নিয়াৰ চেষ্টা চলাই যদিও বিৰোধী একাংশ সাংসদে ধবনি দি সদনৰ মজিয়ালৈ উঠি যায়। শ্রীমতী ৰয়ে বিৰোধী পক্ষই উত্থাপন কৰা বিষয়সমূহক লৈ আলোচনা কৰিবলৈ চৰকাৰ সাজু বুলি উল্লেখ কৰে যদিও তেওঁলোকে সদনৰ কাম-কাজ ব্যাহত কৰে। অচলাৱস্থা দূৰ নোহোৱাত সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ আগেয়ে দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকালৰ কাম আৰম্ভ কৰে যদিও বিৰোধী পক্ষৰ সদস্যসকলে বিহাৰত ভোটাৰ তালিকাত বিশেষ সংশোধন আৰু অন্যান্য বিষয়লৈ আলোচনাৰ দাবী জনাই ধবনি দিবলৈ ধৰে। লোকসভাৰ অধ্যক্ষই প্ৰশনকালৰ কাম-কাজ চলাই নিয়াত সহযোগিতা কৰিবলৈ আহ্বান জনাই যদিও তেওঁ চেষ্টা অথলে যায়। শ্রী বিলাই সদনৰ কাম-কাজ বিঘ্নিত কৰা আৰু সদনৰ মজিয়াত প্লে কার্ড প্ৰদৰ্শন কৰাক লৈ উদ্বেগ প্ৰকাশ কৰে। হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বিহাৰৰ ৰেল প্ৰকল্প সন্দৰ্ভত সুধা এটা প্ৰশ্নৰ উত্তত দিয়ে। সেই সময়তো বিৰোধী পক্ষৰ সাংসদসকলে প্ৰতিবাদ অব্যাহত ৰখাত অধ্যক্ষই সদনৰ কাম-কাজ দুপৰীয়া ১২ বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে।
কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত ৰাজ্যসভা পুনৰ মিলিত হোৱাৰ সময়ত উচ্চ সদনতো অনুৰূপ পৰিস্থিতিৰ উদ্ভৱ হয়। সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা ঘনশ্যাম তিৱাৰীয়ে প্ৰশ্নকাল আগবঢ়াই নিয়াৰ চেষ্টা চলাই দযিও বিৰোধী পক্ষৰ সদস্যসকলে নিজৰ নিজৰ দাবীৰ সমৰ্থনত ধ্বনি দি সদন উত্তাল কৰি তোলে। শ্ৰীতিৱাৰীয়ে প্ৰশ্নকাল চলাই নিয়াত সহায় কৰিবলৈ সদস্যসকলৰ প্ৰতি আহ্বান জনাই যদিও তেওঁৰ চেষ্টা বিফল হয়। হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে শ্ৰীতিৱাৰীয়ে সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰাখে। ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন আৰু অন্য দাবীৰ বিষয়ে আলোচনা কৰিবলৈ হেচা প্রয়োগ কৰে। তেওঁলোকে নিজৰ দাবী সম্পর্কে সভাস্থগিতকৰণৰ জাননী দিয়ে যদিও উপসভাপতি হৰিবংশে সভাপতিয়ে ইতিপূৰ্বে দিয়া নিৰ্দেশৰ দোহাইদি এই জাননী প্রত্যাখ্যান কৰে। ইয়াৰ পাছত বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত সদনৰ কাম-কাজ দুপৰীয়া ১২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়।
Site Admin | July 23, 2025 3:56 PM | Akashvani News | Loksabha | Loksabha Session | Parliament House | Rajya Sabha
হুলস্থূলীয়া পৰিস্থিতিৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত
