December 25, 2025 11:17 AM | Foggy | IMD Alert

printer

হিমালয়ৰ পাদদেশ অঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ২৮ ডিচেম্বৰ পৰ্যন্ত ঘন কুঁৱলীৰ সতর্কবাণী জাৰি

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজিৰ পৰা পৰৱৰ্তী ২-৩ দিনলৈ জম্মু-কাশ্মীৰ, লাডাখ, গিলগিট বাল্টিস্তান, মুজাফ্‌ফ্ফৰাবাদ, হিমাচল প্ৰদেশ, পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ আৰু উত্তৰাখণ্ডত অতি ঘন কুঁৱলীৰ সতর্কবাণী জাৰি কৰিছে। বিভাগে প্ৰকাশ কৰা অনুসৰি মধ্যপ্ৰদেশৰ পূব অংশ, ওড়িশা, পশ্চিমবংগৰ হিমালয়ৰ পাদদেশ অঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতো অহা ২৮ ডিচেম্বৰ পৰ্যন্ত ঘন কুঁৱলীৰ প্ৰভাৱ পৰিব। বিভাগে অহা শনিবাৰলৈ উত্তৰাখণ্ডত শীতৰ প্ৰকোপ আৰু বৃদ্ধি পাব পাৰে বুলি জানিবলৈ দিছে। একেদৰে কাইলৈ পৰ্যন্ত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পূব অঞ্চলত শীতপ্ৰৱাহ অব্যাহত থাকিব বুলি বিভাগে জানিবলৈ দিছে।