■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশ আৰু পাঞ্জাব ভ্ৰমণ কৰি দুয়োখন ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ লৈছে। এই ভ্ৰমণসূচীৰ আৰম্ভণিতে পাঠানকোটত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক ৰাজ্যখনৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অমন অৰোৰা আৰু জ্যেষ্ঠ বিষয়াবৰ্গই বিমান বন্দৰত আদৰণি জনায়।
প্ৰথম পৰ্যায়ত তেওঁ হিমাচল প্ৰদেশৰ কাংৰা জিলাৰ ধৰ্মশালাত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব। হিমাচল প্ৰদেশৰ প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়া-বৰ্গই ভাগ ল’বলগীয়া এই বৈঠকখনত অধ্যক্ষতা কৰাৰ লগতে তেওঁ দুৰ্যোগৰ কৱলত পৰা স্থানীয় বাসিন্দাসকলৰ সৈতেও মত বিনিময় কৰিব। একেদৰে প্ৰধানমন্ত্ৰী মোদীয়ে উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত হৈ থকা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী- এন ডি আৰ এফ, ৰাজ্যিক দুর্যোগ সহাৰি বাহিনী – এছ ডি আৰ এফ আৰু আপদা মিত্ৰ বাহিনীৰ লোকসকলকো সাক্ষাৎ কৰিব। ইয়াৰ পাছত তেওঁ আকাশমাৰ্গেৰে ভ্ৰমণ কৰি ৰাজ্যখনৰ বান আৰু ভূমিস্খলনৰ প্ৰভাৱত পৰা এলেকাসমূহ পৰিদৰ্শন কৰিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ধৰ্মশালাকে ধৰি হিমাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।
হিমাচল প্ৰদেশ ভ্রমণ সামৰি প্ৰধানমন্ত্ৰীয়ে আকাশমাৰ্গেৰে পাঞ্জাবৰ বান প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰিব। বিয়লি প্ৰায় চাৰি বাজি ১৫ মিনিটত গুদাসপুৰত উপস্থিত হ’বলগীয়া শ্ৰী মোদীয়ে ৰাজ্য প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে আলোচনাত ভাগ লোৱাৰ লগতে বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে আয়োজিত এখন বৈঠকত অধ্যক্ষতা কৰিব। একেদৰে তেওঁ গুদাসপুৰতো বানৰ কৱলত পৰা লোকসকলৰ লগতে এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু আপদামিত্ৰৰ উদ্ধাৰকাৰী দলসমূহৰ সৈতেও মত বিনিময় কৰিব । জটিল পৰিস্থিতিৰ সন্মুখীন হোৱা ৰাজ্য দুখনৰ জনসাধাৰণলৈ আগবঢ়োৱা সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা পোনপটীয়াকৈ পৰ্যালোচনা কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীৰ এই ভ্রমণসূচী যুগুত কৰা হৈছে বুলি প্ৰকাশ পাইছে।
সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰা এটা বাৰ্তাত শ্রী মোদীয়ে কয়, যে এই জটিল পৰিস্থিতিৰ কৱলত পৰা লোকসকলৰ সৈতে কেন্দ্ৰীয় চৰকাৰে কান্ধত কান্ধ মিলাই আগবাঢ়ি যাব।
Site Admin | September 9, 2025 2:38 PM | Akashvani News | Himachal Pradesh | narendra modi | PMO India | PMO Modi | Punjab Flood
হিমাচল প্ৰদেশ আৰু পাঞ্জাব ভ্ৰমণ কৰি দুয়োখন ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ প্রধানমন্ত্ৰী মোদীৰ
