ডাউনলোড
মোবাইল এপ

android apple
signal

হিমাচল প্ৰদেশত সঘনাই হৈ থকা প্ৰৱল প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি গৃহমন্ত্রী অমিত শ্বাহৰ বহুখণ্ডীয় কেন্দ্রীয় গোট গঠনৰ নিৰ্দেশ

হিমাচল প্ৰদেশত সঘনাই হৈ থকা প্ৰৱল প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি গৃহমন্ত্ৰী অমিত শ্বাহে কেইবাটাও ক্ষেত্ৰত কেন্দ্ৰীয় গোট গঠনৰ নিৰ্দেশ দিছে। এই কেন্দ্ৰীয় গোটটোত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণ, ৰুৰকীৰ কেন্দ্ৰীয় নির্মাণ গৱেষণা প্ৰতিষ্ঠান, পুণেৰ ভাৰতীয় গ্রীষ্মমণ্ডলীয় বতৰ বিজ্ঞান প্রতিষ্ঠান, ভূতত্ববিদ আৰু ইন্দোৰৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ বিশেষজ্ঞক লৈ গঠন কৰা হ’ব। গৃহ মন্ত্ৰালয়ে এটা বিবৃতিযোগে কয় যে, চলিত বৰ্ষৰ দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ কালছোৱাত হিমাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত হোৱা বান আৰু ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ক্ষয়-ক্ষতিৰ মূল্যায়নৰ বাবে ইতিমধ্যে এটা আন্তঃমন্ত্রালয় কেন্দ্রীয় গোট নিয়োগ কৰিছে। মন্ত্রালয়ে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ বৈষম্য নকৰাকৈ দুৰ্যোগৰ সময়ত ৰাজ্যসমূহৰ সৈতে ঠিয় দিয়ে। এইক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে ২০২৩ বৰ্ষত বান, ভূমিস্খলন আৰু ডাৱৰ বিস্ফোৰণৰ দৰে দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহত পুনৰ উদ্ধাৰ আৰু পুনৰ নিৰ্মাণৰ বাবে হিমাচল প্ৰদেশলৈ ২ হেজাৰ কোটি টকাৰো অধিক পুঁজি ব্যয়ৰ ক্ষেত্ৰত অনুমোদন জনাইছে। সমিতিয়ে চলিত মাহত ৪৫১ কোটিৰো অধিক টকাৰ প্ৰথমটো কিস্তি মোকলাই দিছে। ইয়াৰ লগতে ৰাজ্যখনৰ দুৰ্যোগ প্রভাৱিত অঞ্চলৰ লোকসকলক সহায় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশৰ প্ৰায় ১৯৯ কোটি টকাৰ প্ৰথমটো কিস্তি যোৱা মাহত মোকলাই দিছে।