January 10, 2026 12:15 PM | Accident

printer

হিমাচলত যাত্রীবাহী বাছ দুৰ্ঘটনাত ১৪ জন লোকৰ মৃত্যু, কেইবাগৰাকীও আহত

হিমাচল প্ৰদেশৰ ছিৰম’ৰ জিলাৰ হৰিপুৰধাৰৰ সমীপত কালি এখন যাত্রীবাহী বাছ দ খাৱৈত বাগৰি পৰাৰ ফলত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ভালেকেইজন লোক গুৰুতৰভাৱে আহত হয়। ৬৬ জন যাত্রী কঢ়িয়াই নিয়া বাছখন ছলানৰ পৰা হৰিপুৰধাৰ অভিমুখে গৈ আছিল। দুৰ্ঘটনাৰ খবৰ পোৱা মাত্রেই স্থানীয় লোক আৰু জিলা প্রশাসনে অঞ্চলটোত তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলায়। হিমাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্রী মুকেশ অগ্নিহোত্ৰীয়ে দুর্ঘটনাস্থলী পৰিদৰ্শন কৰে। সাংবাদিক আগত শ্রীঅগ্নিহোত্ৰীয়ে কয়, যে আহতসকলক নিকটৱৰ্তী কেইবাখনো হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু প্ৰশাসনে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জনাৰ বাবে তদন্তৰো নিৰ্দেশ দিয়া হৈছে বুলি উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ।
ৰাষ্ট্ৰপতী শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাছ দুৰ্ঘটনাত নিহতসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতী শ্ৰীমতী মুর্মুৱে এই ঘটনাক অতি হৃদয়বিদাৰক বুলি উল্লেখ কৰে। তেওঁ নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। প্রধানমন্ত্রী মোদীয়ে নিহতসকলৰ নিকটত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।