হিন্দী বোলছবি জগতৰ বিশিষ্ট অভিনেতা গোৱৰ্ধন আছৰানীৰ কালি মুম্বাইত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা মতে অভিনেতাগৰাকীয়ে কালি বিয়লি প্রায় ৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে। শ্বোলে বোলছবিত জেইলাৰৰ চৰিত্ৰত কৰা অভিনয়েৰে জনপ্ৰিয় হৈ পৰা আছৰানীয়ে চুপকে চুপকে, ভুলভুলেইআ, ধামাল, বন্তি ঔৰ বাবলি, বন্তি ঔৰ বাবলি-টু আদিকে ধৰি বহুকেইখন জনপ্রিয় ছবিত অভিনয় কৰিছিল। পাঁচটা দশক ধৰি হিন্দী বোলছবিৰ অভিনয়ৰ সৈতে জড়িত আছৰানীয়ে বিশেষকৈ কৌতুক অভিনেতা হিচাপে দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল৷
Site Admin | October 21, 2025 10:44 AM | Asrani
হিন্দী বোলছবি জগতৰ বিশিষ্ট অভিনেতা গোৱৰ্ধন আছৰানীৰ মুম্বাইত দেহাৱসান
