ডাউনলোড
মোবাইল এপ

android apple
signal

September 14, 2025 8:30 PM | Hindi Diwas

printer

হিন্দী দিৱস উপলক্ষে প্রধানমন্ত্ৰী আৰু কেন্দ্রীয় গৃহমন্ত্রীৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিন্দী দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্রী মোদীয়ে কয় যে হিন্দী কেৱল যোগাযোগৰ মাধ্যম নহয়, বৰঞ্চ দেশৰ পৰিচয় আৰু মূল্যবোধৰ সজীৱ ঐতিহ্য। সমগ্ৰ বিশ্বতে হিন্দী ভাষাৰ প্ৰতি ক্রমবর্ধমান সন্মান জাতিটোৰ বাবে গৌৰৱ আৰু প্ৰেৰণাৰ বিষয় বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে জনসাধাৰণক সকলো ভাৰতীয় ভাষাৰ লগতে হিন্দী ভাষাৰ সংকল্প আৰু সমৃদ্ধিৰ বাবে একত্রিত হ’বলৈ আৰু ভবিষ্যত প্ৰজন্মলৈ গৌৰৱেৰে কঢ়িয়াই লৈ যাবলৈ আহ্বান জনায়।

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি হিন্দী দিৱস উপলক্ষে জনসাধাৰণক শুভেচ্ছা জনাইছে। এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে হিন্দীয়ে দেশৰ বিভিন্ন ভাষা আৰু উপভাষাসমূহৰ মাজত এখন সেঁতুৰ দৰে কাম কৰিছে। হিন্দী ভাষাই ৰাষ্ট্ৰীয় সংহতি ৰক্ষা কৰাৰ লগতে প্রযুক্তি, বিজ্ঞান আৰু গৱেষণাৰ ভাষা হিচাপেও গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। তেওঁ কয়, যে ২০১৪ চনৰ পৰাই হিন্দী ভাষাত চৰকাৰী কাম-কাজৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে। শ্ৰীশ্বাহে যোৱা বছৰৰ হিন্দী দিৱসত কৈছিল যে ভাৰতৰ প্ৰধান প্ৰধান ভাষাসমূহৰ মাজত অনুবাদ প্ৰক্ৰিয়া সূচল কৰি তোলাৰ বাবে ভাৰতীয় ভাষা অনুভাগ স্থাপন কৰা হৈছিল। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ ডিজিটেল ভাৰত, ই গৱৰনেন্স, কৃত্রিম বুদ্ধিমত্তা আৰু যন্ত্ৰ শিক্ষণৰ যুগত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ভাষাসমূহক ভৱিষ্যতৰ বাবে যোগ্য কৰি তোলাত গুৰুত্ব দিছে।