August 29, 2024 1:12 PM | Hariyana Election

printer

হাৰিয়ানা ৰাজ্যিক বিজেপিয়ে নির্বাচনী প্ৰচাৰত শিশুক ব্যৱহাৰৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে নির্বাচন আয়োগে

নির্বাচন আয়োগে হাৰিয়ানা ৰাজ্যিক বিজেপিয়ে নির্বাচনী প্ৰচাৰ অভিযানৰ বাবে সামাজিক মাধ্যম এক্সত এটা শিশুক ব্যৱহাৰ কৰাৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছে। এইক্ষেত্ৰত তাৎক্ষণিক পদক্ষেপৰ বাবে ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়াই ৰাজ্যিক বিজেপিৰ সভাপতিলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। আজি সন্ধিয়া ৬ বজাৰ ভিতৰত মোহন লাল বাদোলিক এইক্ষেত্ৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য যে, নির্বাচন আয়োগৰ নীতি নির্দেশনা মতে কোনো ৰাজনৈতিক দল আৰু নিৰ্বাচনী বিষয়াই কাম-কাজত শিশুক অন্তৰ্ভুক্ত কৰিব নোৱাৰে।