হাৰং নদীৰ ওপৰৰ দলংখন ভাঙি পৰা গোচৰ সন্দৰ্ভত ৫ জন লোকক আটক

কাছাৰ জিলাৰ কালাইন-শিলচৰ পথৰ ভাংগাৰপাৰৰ হাৰং নদীৰ ওপৰৰ দলংখন ভাঙি পৰা গোচৰ সন্দৰ্ভত ৫ জন লোকক আটক কৰা হৈছে। ধৃত পাঁচজনৰ ভিতৰত তিনিজন কেন্দ্ৰীয় বেইব্রিজৰ কৰ্মী আৰু দুজন হাৰিয়ানাৰ ভাৰত ইলেকট্রনিক্স বেইব্রিজৰ কৰ্মচাৰী। এই ঘটনাৰ সৈতে জড়িত তিনিগৰাকী আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মন্ত্ৰী কৌশিক ৰায়ে এই ঘটনা সন্দৰ্ভত উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ দি বিষয়াসকলক বিস্তাৰিত প্ৰতিবেদন দাখিল কৰিবলৈ কয়। 
যোৱা মঙলবাৰৰ নিশা দুখন অতিৰিক্ত বোজাই কৰা ট্রাক পাৰ হৈ যোৱাৰ সময়তে দলংখন ভাগি পৰিছিল। এই দলংখন ভাগি পৰাৰ ফলত গুৱাহাটীৰ পৰা শিলচৰ, হাইলাকান্দি, শ্রীভূমি, ত্ৰিপুৰা আৰু মিজোৰামলৈ পথৰ সংযোগ বিচ্ছিন্ন হৈ পৰে।
উল্লেখযোগ্য যে যোৱা ২১ মে’ত কাটিগড়াৰ গেমন দলংখন মেৰামতিৰ বাবে বন্ধ কৰি দিয়াৰ পাছত বিকল্প হিচাপে ভাংগাৰপাৰ দলংখন যাতায়াতৰ বাবে মুকলি কৰি দিয়া হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।