ৰাজ্য চৰকাৰে গোৱালপাৰা জিলাৰ জৈৱ বৈচিত্ৰৰ ভাণ্ডাৰ হাহিলা, উপদ আৰু কুমৰি বিলক সংৰক্ষিত বনাঞ্চল হিচাপে গঢ়ি তোলাৰ উপৰি পৰ্যটন ক্ষেত্ৰ হিচাপে ৰূপায়ণৰ পৰিকল্পনা গ্রহণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শেহতীয়াকৈ দখলকাৰীক উচ্ছেদ কৰা হাহিলা বিল পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এইদৰে কয়। ড° শৰ্মাই গোৱালপাৰা জিলাৰ জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰত এই বিলকেইখনৰ অপৰিসীম গুৰুত্বত আলোকপাত কৰে। হাহিলা বিলৰ এটা বৃহৎ এলেকা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ বাবে অলপতে অসম মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই অনুসৰি হাহিলা বিলৰ লগতে উপদ আৰু কুমৰি বিলৰ গুৰুত্বৰ কথা অনুধাৱন কৰি এই বিলসমূহৰ পুনৰুজ্জীৱিতকৰণৰ দিশত চৰকাৰে মনোনিৱেশ কৰিছে। ইতিমধ্যে বিলকেইখনৰ কিছু অংশ বনাঞ্চললৈ ৰূপান্তৰৰ প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ।
মুখ্যমন্ত্ৰী শৰ্মাই ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ বিষয়টোও আলোচনা কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে উচ্ছেদিত পৰিয়ালসমূহক ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ‘ব বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত ধুবুৰী জিলাত শেহতীয়া আইন-শৃংখলা পৰিস্থিতিৰ বুজ লোৱাৰ বাবে আৱৰ্ত ভৱনত এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ধুবুৰী চহৰৰ সমীপত সেনাৰ স্থায়ী শিবিৰ স্থাপনৰ পৰিকল্পনা সন্দৰ্ভতো আলোচনা কৰা হয়। ড° শৰ্মাই ধুবুৰীলৈ পুনৰ স্বাভাৱিক পৰিৱেশ ঘূৰি আহিছে আৰু জিলাখনত স্থায়ী শান্তি আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে প্ৰশাসনে সকলোবোৰ দিশ নিৰীক্ষণত ৰাখিছে বুলি মন্তব্য কৰে।