August 12, 2024 11:26 AM

printer

হায়দৰাবাদত কেন্দ্ৰীয় মন্ত্রী জি কিষাণ ৰেড্ডীৰ ত্ৰিৰংগা ৰেলী মুকলি

কেন্দ্ৰীয় মন্ত্রী জি কিষাণ ৰেড্ডীয়ে হায়দৰাবাদত কালি ত্ৰিৰংগা ৰেলী মুকলি কৰে। শ্ৰী ৰেড্ডীয়ে সংবাদ মাধ্যমৰ আগত স্বাধীনতা দিৱস উদযাপনৰ আৰম্ভণিৰ ঘোষণা কৰে। তেওঁ কয় যে, বিগত ৩ বছৰ ধৰি কেন্দ্ৰীয় চৰকাৰৰ সহযোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱস পালন কৰি অহা হৈছে। তেওঁ জনসাধাৰণক, বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু স্বেচ্ছাসেৱী সংস্থাসমূহক দেশৰ ঐক্য তথা জাতীয় একতাক সুৰক্ষা দিবলৈ আহ্বান জনায়। প্রধানমন্ত্ৰীয়ে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অধীনত প্ৰতি ঘৰতে জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনোৱাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে যোৱাবাৰ প্রায় ২৩ কোটি ভাৰতীয়ই নিজৰ নিজৰ ঘৰত জাতীয় পতাকা উত্তোলন কৰে। ত্ৰিৰংগ যাত্রাকে ধৰি এই উৎসৱ অহা ১৫ আগষ্টলৈকে অব্যাহত থাকিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।