ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 26, 2025 9:00 PM | israel hamas war

printer

হামাছ আৰু ইজৰাইলৰ মাজত দ্বিতীয় পৰ্যায়ৰ পণবন্দী আৰু কয়দী বিনিময়ৰ কাম সম্পন্ন হৈছে বুলি আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰছ সমিতিৰ ঘোষণা

হামাছ আৰু ইজৰাইলৰ মাজত দ্বিতীয় পৰ্যায়ৰ পণবন্দী আৰু কয়দী বিনিময়ৰ কাম সম্পন্ন হৈছে বুলি আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰছ সমিতিয়ে ঘোষণা কৰিছে। সমিতিৰ সূত্ৰই প্ৰকাশ কৰা মতে যুদ্ধ বিৰতি চুক্তি প্ৰাৰম্ভিক চৰ্ত অনুসৰি এই বিনিময়ৰ কাৰ্য সম্পন্ন হয়। দ্বিতীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰছ সমিতিয়ে চলোৱা সমন্বয় আৰু যোগাযোগ ৰক্ষাৰ প্ৰয়াসৰ অন্তত ২০০ গৰাকী পেলেষ্টাইনী বন্দী আৰু ৪ গৰাকী ইজৰাইলী পণবন্দীক মুকলি কৰি দিয়া হয়। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্র ডেনিয়েল হাগাৰীয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে হামাছৰ পণবন্দী হৈ থকাৰ ৪৭৭ দিনৰ পাছত আৰু ৪ জন ইজৰাইলী পণবন্দীয়ে মুক্তি লাভ কৰে। তেওঁ কয়, যে প্ৰতিগৰাকী পণবন্দীক স্বদেশলৈ উভতি অহাৰ পাছতহে ইজৰাইলৰ এই অভিযানৰ অন্ত পৰিব।