December 10, 2024 9:25 PM | Akashvani

printer

হাতশিঙিমাৰী প্ৰেক্ষাগৃহত শিশুৰ অধিকাৰ সন্দৰ্ভত বাল সভা অনুষ্ঠিত

হাতশিঙিমাৰী জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ যৌথ সহযোগত আজি হাতশিঙিমাৰী প্ৰেক্ষাগৃহত শিশুৰ অধিকাৰ সন্দৰ্ভত এখন বাল সভা অনুষ্ঠিত হয়। দক্ষিণ শালমাৰা মানকাচৰ জিলা শিশু সুৰক্ষা গোটে আয়োজন কৰা এই সভাত শিশু শ্রম, শিশু সৰবৰাহ, বাল্য বিবাহ আদিকে ধৰি শিশুৰ সুৰক্ষা আৰু অধিকাৰ সন্দৰ্ভত আলোচনা কৰা হয়। অনুষ্ঠানত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ দুগৰাকী সদস্যৰ লগতে জিলাখনৰ বিভিন্ন গাঁও পঞ্চায়তৰ সভাপতিসকল উপস্থিত থাকে। জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ৩ শতাধিক ছাত্র-ছাত্রীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে।