গ্ৰেপ্তাৰ পদ্ধতি আৰু আৰক্ষীৰ জবাবদিহিতা বিষয়ত হাটশিঙিমাৰী জিলা আদালতত জিলা আইন সেৱা প্ৰাধিকাৰীয়ে আজি এখন বিশেষ সজাগতা সভা অনুষ্ঠিত কৰে। ৰাজ্যিক আৰক্ষীৰ জবাবদিহিতা আয়োগৰ অধ্যক্ষা আৰু প্ৰাক্তন ন্যায়াধীশ ৰুমী কুমাৰী ফুকনে এই সভাত ভার্চুৱেলী অংশগ্ৰহণ কৰে। কাৰ্যসূচীটোত ন্যায়াধীশ সঞ্জয় হাজৰিকা, মুখ্য ন্যায়িক দণ্ডাধীশ শ্বানী ভট্টাচাৰ্য্য, জিলা আইন সেৱা সচিব জয়ন্ত কুমাৰ শইকীয়াকে ধৰি ভালেসংখ্যক আইন সেৱা বিষয়া আৰু আৰক্ষী বিষয়া উপস্থিত থাকে। সাধাৰণ নাগৰিক, আইনৰ শিক্ষাৰ্থী আৰু ন্যায়পালিকা ব্যৱস্থাৰ সৈতে জড়িত ব্যক্তিসকলৰ মাজত আইনী সজাগতা বৃদ্ধি কৰাৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। অভিযুক্তক গ্ৰেপ্তাৰৰ নীতি নিয়ম, আৰক্ষীৰ জবাবদিহিতা আদি বিষয়ত ৰুমী কুমাৰী ফুকনে বিশদভাৱে ব্যাখ্যা কৰে । গ্ৰেপ্তাৰৰ ক্ষেত্ৰত জামিন প্রাপ্তিৰ সুযোগ আৰু সুবিধাসমূহৰ সন্দৰ্ভত আৰক্ষীক সচেতন হৈ কাম কৰিবলৈ শ্ৰীমতী ফুকনে আহ্বান জনায়।
Site Admin | November 28, 2025 9:01 PM | DLSA Special Meeting on Procedure of Arrest & Police Accountability
হাটশিঙিমাৰী জিলা আদালতত জিলা আইন সেৱা প্ৰাধিকাৰীৰ বিশেষ সজাগতা সভা