ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

হাজাৰ বছৰ ধৰি ভাৰতৰ মাটিত সমবায়ৰ ধাৰণা অব্যাহত আছেঃ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি কৈছে যে হাজাৰ বছৰ ধৰি ভাৰতৰ মাটিত সমবায়ৰ ধাৰণা অব্যাহত আছে। তেওঁ কয় যে ভাৰতৰ ধমনীৰ মাজেৰে সকলোৰে বাবে জনকল্যাণমূলক কাম অব্যাহত আছে আৰু এই ক্ষেত্ৰত সমবায়ৰ এটা বিশেষ গুৰুত্ব আছে। মুম্বাইত আন্তঃৰাষ্ট্ৰীয় সমবায় বর্ষ হিচাপে আয়োজিত ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰীচৌহানে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা ভালেমান আঁচনিৰ কথা উল্লেখ কৰি ইয়াৰ ফলত কৃষিৰ আয় বৃদ্ধি, কৃষিৰ লগত জড়িত উদ্যোগসমূহৰ জৰিয়তে কৃষকৰ সমৃদ্ধি আৰু বহনক্ষম কৃষি পদ্ধতিৰ জৰিয়তে জৈৱ-বৈচিত্ৰ্যৰ সমতা ৰক্ষা আদি কৰিব পৰা গৈছে বুলি প্ৰকাশ কৰে। তেওঁ ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলৰ প্ৰতি আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰৰ দেশৰ খাদ্য সুৰক্ষা, কৃষকৰ আয় বৃদ্ধি, নাগৰিকসকলৰ বাবে পৰিপুষ্টিজনিত খাদ্য আৰু সুস্বাস্থ্য ধৰি ৰখাৰ ক্ষেত্ৰত পদক্ষেপসমূহৰ কথা উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।