হাঙ্গেৰীত অনুষ্ঠিত বিকশিত ভাৰত দৌৰ কাৰ্যসূচীত স্বেচ্ছাসেৱক, জনগোষ্ঠীয় সংগঠনসমূহকে ধৰি এশতকৈও অধিক দৌৰবিদৰ অংশগ্ৰহণ

হাঙ্গেৰীত কালি অনুষ্ঠিত বিকশিত ভাৰত দৌৰ কাৰ্যসূচীত স্বেচ্ছাসেৱক, জনগোষ্ঠীয় সংগঠনসমূহকে ধৰি এশতকৈও অধিক দৌৰবিদে অংশ লয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিগত সময়ত আন্তঃগাঁথনি, স্বাস্থ্য, প্রযুক্তি আৰু শিক্ষা খণ্ডত লাভ কৰা উল্লেখনীয় অগ্ৰগতি আৰু বহনক্ষম উন্নয়নৰ ধাৰাক প্ৰতিফলিত কৰাৰ উদ্দেশ্যে এই দৌৰ কাৰ্যসূচী অনুষ্ঠিত হয়। বুডাপেষ্টত থকা ভাৰতীয় দূতাবাসে মাই ভাৰত কাৰ্যসূচীৰ অধীনত হাঙ্গেৰীৰ ক্ৰীড়া বিজ্ঞান বিশ্ববিদ্যালয়ৰ সহযোগত এই দৌৰ কাৰ্যসূচী ৰূপায়ণ কৰে। ভাৰতীয় দূতাবাসে জনোৱ মতে এই কাৰ্যসূচীৰ জৰিয়তে ভাৰতে সেৱা, সুস্বাস্থ্য আৰু বহনক্ষম উন্নয়নৰ দিশত লাভ কৰা উল্লেখযোগ্য সফলতাৰ অংশ হিচাপে বিশ্বৰ ১৫০ খন আন্তঃৰাষ্ট্ৰীয় স্থানত ইয়াক উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ লক্ষ্যক সফল কৰি তুলিবলৈ যোৱা ১৭ ছেপ্তেম্বৰৰ পৰা অহা ২ অক্টোবৰলৈ আয়োজন কৰা সেৱা পৰ্বৰ অংশ হিচাপে বুডাপেষ্টত থকা ভাৰতীয় সম্প্রদায়ে এই দৌৰ কাৰ্যসূচী অনুষ্ঠিত কৰে। এই কাৰ্যসূচীৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে ২০৪৭ চনত ভাৰতক বিশ্বৰ উন্নত দেশসমূহৰ এখন ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।