কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ সুস্থিৰ হৈছে। বি টিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এটা সৰ্বদলীয় প্ৰতিনিধিৰ দলে আজি জিলাখনৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি শিবিৰত থকা লোকসকলৰ অৱস্থাৰ বুজ লয়। দলটোত বিধায়ক লৰেঞ্চ ইছলাৰী আৰু বি টি চিৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য আছিল। জিলাখনত সেনা বাহিনীৰ কটকটীয়া বেষ্টনীৰ মাজত কাৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল অব্যাহত আছে। কালি আশ্রয়শিবিৰসমূহ পৰিদৰ্শন কৰি অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ সিঙে শিবিৰত থকা লোকসকলক কোনো সংশয় অবিহনে নিজ বাসগৃহলৈ উভতি যাবলৈ আহ্বান জনায়। তেওঁ পৰিস্থিতি স্বাভাৱিক হোৱা বুলি দাবী কৰি জিলাখনত পৰ্যাপ্ত নিৰাপত্তা বাহিনী সষ্টম হৈ থকা বুলিও ৰাইজক আশ্বস্ত কৰে। সংবাদ মাধ্যমৰ আগত শ্রী সিঙে কয়, যে এই ঘটনা সন্দৰ্ভত ১৯ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ২০ জানুৱাৰীৰ বিক্ষিপ্ত ঘটনাত জড়িত তিনিজনক আটক কৰা হৈছে। উল্লেখযোগ্য যে জিলাখনত নতুনকৈ কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি অহা নাই। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি কোকৰাঝাৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। তেওঁ জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায়। স্বাস্থ্য মন্ত্রী অশোক সিংহলে কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ কোকৰাঝাৰৰ ঘটনাত আহত লোকসকলৰ স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থাৰ বুজ লয়। তেওঁলোকক বিনামূলীয়াকৈ সকলো চিকিৎসা প্ৰদান কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।
Site Admin | January 22, 2026 12:41 PM | Akashvani | Akashvani News | BTC | Hagrama | Hagrama Mahilary | Kokrajhar
হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধিৰ দলৰ কোকৰাঝাৰ জিলাৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন