হাইস্কুল শিক্ষান্ত পৰীক্ষা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’র্ডৰ নির্দেশনা

● অহা বছৰৰ প্ৰথম ভাগত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত পৰীক্ষা কেন্দ্ৰ সমিতি গঠন কৰিবলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’র্ডে নির্দেশনা প্রকাশ কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ দায়িত্বত থকা বিষয়াই অহা ৩১ অক্টোবৰৰ পূৰ্বে একোখনকৈ সমিতি গঠন কৰিবলৈ সাধাৰণ সভা আহ্বান কৰিব লাগিব। এই সভাত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক উপস্থিত থকাটো নিশ্চিত কৰিব লাগিব। পৰীক্ষাৰ্থীৰ অভিভাৱক, স্থানীয় শিক্ষাবিদ, বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য, আৰক্ষী বিষয়াকে ধৰি কমেও ৫০ জন লোক সভাত উপস্থিত থাকিব লাগিব বুলি নির্দেশনাত কোৱা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।