ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 28, 2024 1:09 PM | SEBA

printer

হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীসকলে  বিকল্প প্রশ্ন আৰু বৰ্ণনাত্মক প্ৰশ্নৰ দুয়োটা শিতানতে পৃথকে উত্তীৰ্ণৰ নম্বৰ পাব লাগিব

অসম মাধ্যমিক শিক্ষা পৰিষদ ছেবাই মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত কেতবোৰ সংশোধনী ঘোষণা কৰিছে। এই সন্দৰ্ভত পৰিষদে এখন জাননী জাৰি কৰিছে। এই অনুসৰি চলিত শিক্ষা বৰ্ষৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীসকলে বহু বিকল্প বিশিষ্ট প্রশ্ন আৰু বৰ্ণনাত্মক প্ৰশ্নৰ দুয়োটা শিতানতে উত্তীৰ্ণৰ বাবে পৃথকে পৃথকে ন্যূনতম নম্বৰ অৰ্জন কৰিব লাগিব। ইপিনে, চলিত শিক্ষাবৰ্ষৰ পৰাই নৱম শ্ৰেণীৰ পাঠ্যক্ৰমত কৃত্রিম বুদ্ধিমত্তা আৰু ৰবটিক্স বিষয়টো ঐচ্ছিক বিষয় হিচাপে সন্নিৱিষ্ট কৰা হ’ব বুলি মাধ্যমিক শিক্ষা পৰিষদে প্রকাশ কৰিছে। এই পাঠ্যক্ৰমৰ পি ডি এফ সংস্কৰণ ইতিমধ্যে পৰিষদৰ ৱেবছাইটত উপলব্ধ হৈছে। নতুনকৈ সন্নিৱিষ্ট কৰা এই বিষয়টোত ব্যৱহাৰিক নম্বৰ হিচাপে ৫০ শতাংশ থকাৰ লগতে গার্মেন্ট ডিজাইনিং, উডক্রাফ্‌ট, সংগীত, নৃত্য, যোগ, শাৰীৰিক শিক্ষাৰ দৰে অন্যান্য বৃত্তিমূলক বিষয়সমূহতো ৫০ শতাংশ ব্যৱহাৰিক নম্বৰ থাকিব। নৱম আৰু দশম শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষাসমূহ জিলা পৰ্যায়ৰ অভ্যন্তৰীন পৰীক্ষা সমিতিয়ে নিয়ন্ত্ৰণ কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।