November 3, 2024 11:54 AM | Badminton open

printer

হাইলো অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত ভাৰতৰ মালবিকা বঙ্গোড়েৰ প্ৰৱেশ

ভাৰতৰ মালবিকা বঙ্গোড়ে হাইলো অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। মালবিকাই কালি ছেমিফাইনেলত ডেনমার্কৰ জুলী ডাবল জেকবছেনক ২৩-২১, ২১-১৮ গেমত পৰাস্ত কৰে। মালবিকা আজি ফাইনেলত ডেনমাৰ্কৰ অন্য এগৰাকী খেলুৱৈ সপ্তম বাছনিপ্রাপ্ত মিয়া ছিফেল্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ২০২২ বৰ্ষত ছৈয়দ মোদী ইণ্টাৰনেচনেল বি ডব্লিউ এফ ছুপাৰ ৩০০ প্রতিযোগিতাৰ ফাইনেলত পি ভি সিন্ধুৰ হাতত পৰাজিত হৈ ৰানাৰ্ছাপৰ খিতাপ অৰ্জন কৰা মালবিকাই এইবাৰ দ্বিতীয়বাৰৰ বাবে বি ডব্লিউ এফ ৱৰ্ল্ড টুৰ প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।