হাইলাকান্দিৰ প্ৰায় ১৮ হাজাৰ মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ ১০ হাজাৰ টকাৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ

মহিলা আত্মসহায়ক গোটৰ সদস্যক গ্রাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি হাইলাকাণ্ডি আৰু কাছাৰৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। হাইলাকান্দিৰ প্ৰায় ১৮ হাজাৰ মহিলাক ১০ হাজাৰ টকাৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰা হয়।

এই উপলক্ষে অনুষ্ঠিত জনসভাত ৬০ শর্মাই কয় যে এই পর্যন্ত উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ ১২ লাখ মহিলাক ১০ হাজাৰ টকাকৈ দিয়া হৈছে আৰু ৰাজ্যৰ ৫০ টা বিধানসভা সমষ্টিত এই আঁচনি ৰূপায়ণ কৰা হৈছে। এই টকা মহিলাসকলে ভাল কামত ব্যৱহাৰ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে, ৰাজ্য চৰকাৰে অসমৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্রী ড° শৰ্মাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যানমূলক আঁচনিৰ কথা উল্লেখ কৰে। বৰ্তমানৰ ৰাজ্য চৰকাৰে মধ্যবিত্ত সকলৰ বাবে কাম কৰি আহিছে বুলিও তেওঁ কয়। জনসাধাৰণৰ সুবিধা হোৱাকৈ হাইলাকান্দি অসামৰিক চিকিৎ‍সালয়ত এটা এম আৰ আই মেচিন সংস্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে।

May be an image of temple and textMay be an image of one or more people and crowd

চেক বিতৰণ কাৰ্যসূচীত অংশ লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° শৰ্মাই পুৰণি হাস্পতাল পথত ভাৰত কেশৰী ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ এটা প্ৰতিমুর্তি স্থাপনৰ শিলান্যাস কৰে।

May be an image of temple, dais and textMay be an image of text

হাইলাকান্দিৰ পাছত তেওঁ কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ বজালেঙা খেল পথাৰত উদ্যমিতা আঁচনিৰ অধীনত ২০ হাজাৰৰো অধিক মহিলাক চেক প্ৰদান কৰে।

May be an image of dais and text that says "Dabas সমূদধ সমভ স্বনির্ভর গোষ্ঠীর প্রতিজন যোগ্যতাসম্স্পয় মহিলা উদ্যোক্তার হাতে ১০,০০০ টাকার উদ্যোমিতা পূজি প্রদান অনৃষান রাজ্য জুড়ে ৩০ লাখ+ মহিলাদের রীজ মুলখন প্রদান মুপ্য পতেতপি ডহিমসতবিশ্বশর্ম ড হিমস্ত বিশ্ব শর্মা মুখ্যামন্তরী, অসম ০৬ ডিসেম্বর ২০২র বর্জালেঙ্গা পাই ০১:১৫ ঘটিকা য্ার সংঘ বর্জালোকাছাড়.... কাছাড় বর্জালেঙ্গা,কা DHOL HONBLE APM 護新监量 4BEлЖHA .ตวนสมน"May be an image of one or more people

এই উপলক্ষে আয়োজিত জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাসকলে এই ধন ভাল কামত বিনিয়োগ কৰিলে পৰৱৰ্তী সময়ত ৫০ হাজাৰ টকালৈকে সাহায্য লাভ কৰিব। ধলাই বিধানসভা সমষ্টিৰ ৩ হাজাৰ মহিলাক নতুনকৈ অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে। May be an image of daisMay be an image of one or more people and crowdMay be an image of textঅহা ১ জানুৱাৰীৰ পৰা ছাত্ৰীসকলৰ দৰে ছাত্ৰসকলকো আর্থিক সাহায্য প্ৰদান কৰা হ’ব বুলি তেওঁ কয়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ড° শৰ্মাই বৰাকত উদ্যোগী সৃষ্টিৰ বাবে শীঘ্ৰে এখন বিনিয়োগ সন্মিলনৰ আয়োজন কৰা হ’ব বুলিও উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।