ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

হস্ততাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ অধীনত ৰাজ্যত বৰ্তমান ৩৩৯ খন চৰকাৰী ৰেচম পাম আছেঃ উৰ্খাও গৌড়া ব্ৰহ্ম

হস্ততাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ অধীনত ৰাজ্যত বৰ্তমান ৩৩৯ খন চৰকাৰী ৰেচম পাম আছে। বিধানসভাত আজি হস্ততাঁত বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰে। তেওঁ কয় যে, বর্তমান চৰকাৰী খণ্ডৰ সাধাৰণ এলেকাৰ ভিতৰত ২০৩ খন আৰু বিটিচি, কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ এলেকাত ১৩৬ খন ৰেচম পাম৷

ইয়াৰে ১২১ খন হৈছে এড়ি পাম, ৮৬ খন মুগা পাম, ১২৭ খন পাৰ্ট-পলু পাম আৰু ৫ খন টছৰ পাম আছে। ৰাজ্যৰ ৫৩৬.১৫ হেক্টৰ অব্যৱহৃত মাটিত পলুৰ খাদ্য বৃক্ষ ৰোপণৰ বাবে বিভিন্ন বিভাগৰ সৈতে ৰেচম বিভাগে আঁচনি ৰূপায়ণৰ পৰিকল্পনা কৰিছে বুলি বিভাগীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মুগা সূতাৰ চাহিদা অনুযায়ী উৎপাদন বৃদ্ধিৰ বাবে বৰ্তমান লখিমপুৰ আৰু কামৰূপ জিলাত ৰেচম সমগ্ৰ প্ৰকল্পৰ অধীনত আঁচনি ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। প্রতুকূল বতৰ তথা গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে মুগা উৎপাদনত যথেষ্ট প্রভাব পৰিছে বুলি উল্লেখ কৰি শ্ৰী ব্ৰহ্মই কয়, যে কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ তত্বাৱধানত অসম তথা উত্তৰপূৰ্বাঞ্চলৰ মুগা পলুৰ উপযোগী পৰিৱেশ থকা ঠাই বাচনিৰ বাবে এখন সমিতি গঠন কৰা হৈছে।