বৰপেটা জিলা চেচন ন্যায়াধীশৰ আদালতে আজি হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা ঋষভ দাস নামৰ এজন লোকক মৃত্যুদণ্ডৰে দণ্ডিত কৰে। বৰপেটা চহৰৰ গান্ধী নগৰৰ নিৱাসী ঋষভ দাসৰ বিৰুদ্ধে ২০২৩ বৰ্ষৰ ১৩ অক্টোবৰত পত্নী আৰু কন্যাক হত্যাৰ গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষীয়ে ২০২৪ বৰ্ষৰ আৰম্ভণিতে এই গোচৰৰ অভিযোগনামা দাখিল কৰে। বাদি-বিবাদি পক্ষৰ সাক্ষ্য গ্ৰহণৰ পাছত আদালতে যোৱা ১৬ অক্টোবৰত ঋষভ দাসক দোষী সাব্যস্ত কৰে যদিও শাস্তি ঘোষণা সংৰক্ষিত কৰি ৰাখিছিল। আজি চেচন ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ বিচাৰপীঠে দোষীক মৃত্যুদণ্ডৰে দণ্ডিত কৰে। উল্লেখযোগ্য যে বৰপেটা জিলা গঠনৰ পিছত এইটোৱেই হৈছে মৃত্যুদণ্ড ঘোষণা কৰা প্ৰথমটো ৰায়।
Site Admin | October 22, 2025 7:31 PM | Verdict
হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা এজন লোকক মৃত্যুদণ্ডৰে দণ্ডিত