জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই আজি সৰভোগৰ গান্ধী ময়দানত শিল্পীগৰাকীৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰা হয় ৷ বিধায়ক মনোৰঞ্জন তালুকদাৰে এই প্ৰতিমূৰ্তিটো উন্মোচন কৰে। সংগীত পৰিচালক দিগন্ত ভাৰতী, পৰিচালক শশাংক সমীৰ, জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই এই অনুষ্ঠানত অংশ লৈ শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। অনুষ্ঠানৰ শেষত প্ৰায় ৩ হাজাৰ লোকে জুবিন গাৰ্গৰ কালজয়ী সৃষ্টি মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষত গীতটো পৰিবেশন কৰে। এই অনুষ্ঠানতে শিল্পী ছৈয়দ চাদুল্লা আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাহী বাদক দীপক শর্মাকো শ্রদ্ধাঞ্জলি জনোৱা হয়।
Site Admin | November 19, 2025 7:46 PM | zubeen
সৰভোগৰ গান্ধী ময়দানত জুবিন গাৰ্গৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন