ৰাজ্য চৰকাৰে স্বৰ্গদেউ চাওলুং চুকাফাৰ নামেৰে চৰাইদেউ জিলাত এখন নতুন গ্রীণফিল্ড বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত লৈছে। এই বিশ্ববিদ্যালয়খনত কলা আৰু বিজ্ঞান শাখাৰ উপৰি বাণিজ্য আৰু ব্যৱসায় ব্যৱস্থাপনা পাঠ্যক্ৰমৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হ’ব আৰু এই বিষয়ত বিশ্ববিদ্যালয়খনক উৎকৰ্ষতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ড০ শৰ্মাই কয়, যে অহা ২৫ নৱেম্বৰত আৰম্ভ হ’বলগীয়া বিধানসভাৰ অধিৱেশনত চুকাফা বিশ্ববিদ্যালয় স্থাপনৰ বাবে বিধেয়ক উত্থাপন কৰা হ’ব। মন্ত্রীসভাই ৰাজ্যত বহু বিবাহ নিষিদ্ধ কৰাৰ বাবে অসম বহু বিবাহ প্ৰতিৰোধ বিধেয়ক ২০২৫ বিধানসভাত উত্থাপনৰ বাবে অনুমোদন জনায়। মুখ্যমন্ত্রীয়ে কয়, যে এই বিধেয়ক অনুসৰি পত্নী জীৱিত থকা অৱস্থাত বিবাহ বিচ্ছেদ নোহোৱাকৈ আন এগৰাকী বিবাহ কৰোৱা পুৰুষসকলে ৭ বছৰ পৰ্যন্ত কাৰাবাস খাতিব লাগিব। একেদৰে বহু বিবাহৰ বলি হোৱা নিৰ্যাতিতা মহিলা সকলকো আৰ্থিকভাৱে ক্ষতিপূৰণ প্ৰদানৰ বাবেও ব্যৱস্থা লোৱা হ’ব বুলিও ড০ শৰ্মাই উল্লেখ কৰে। অৱশ্যে ষষ্ঠ অনুসূচীৰ অধীনৰ অঞ্চলসমূহ তথা অনুসূচিত জনজাতিৰ লোকসকল এই বিধেয়কৰ আওঁতাৰ বাহিৰত থাকিব।
মন্ত্ৰীসভাই শিৱসাগৰ, ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ আৰু হোজাই জিলাৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ বাবে ৪০৭টা ভূমি নিষ্পত্তিৰ প্ৰস্তাৱতো অনুমোদন জনায়। তদুপৰি অসমৰ বিদ্যুৎ ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্যত সম্প্রতি চলি থকা আৰু আহিবলগীয়া শক্তি প্রকল্পসমূহৰ বাবে অনুমোদিত মূলধন বৃদ্ধিৰ ক্ষেত্ৰতো অনুমোদন জনোৱা হয়।মন্ত্রীসভাই উত্তৰ গুৱাহাটীৰ ৰংমহলত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ‘ষ্টেট অৱ আৰ্ট জুডিচিয়েল টাউনশ্বিপ’ৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণকাৰ্যৰ বাবে ৪৭৮ কোটি ৭৮ লাখ টকাৰ পুঁজিত প্রশাসনিক অনুমোদন জনায় ৷
মন্ত্রীসভাই বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্রিকেট দলৰ সদস্যা উমা চেত্ৰীলৈ এই কৃতিত্বৰ স্বীকৃতিস্বৰূপে ২৫ লাখ টকা আগবঢ়োৱাৰ কথাও ঘোষণা কৰে ।