স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে ধেমাজিৰ জোনাই সমষ্টিত ৩ খন নতুন প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ৩ খন উপ স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে

স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি ধেমাজিৰ জোনাই সমষ্টিত ৩ খন নতুন প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ৩ খন উপ স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যত তৃণমূল পৰ্যায়ত স্বাস্থ্য সেৱা উন্নত কৰি তোলাৰ লক্ষ্যৰে ২ কোটি ৪৩ লাখ টকা ব্যয় সাপেক্ষে এই প্রাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু উপ স্বাস্থ্য কেন্দ্ৰ কেইটাৰ আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত জোনাইৰ নপাম কুলি, চমকং আৰু গালি স্বাস্থ্য কেন্দ্ৰৰ লগতে কাকবাৰী আৰু কদমতল উপস্বাস্থ্য কেন্দ্র আছে। ভাষণ প্ৰসংগত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৱল নেতৃত্বত সুস্থ অসম গঢ়াৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। স্বাস্থ্যবান পৰিয়াল, স্বাস্থ্যবান সমাজৰ আধাৰ বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনে সমাজে এখন শক্তিশালী ৰাজ্য গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাজ্যত বর্তমান চিকিৎসা মহাবিদ্যালয়সমূহৰ পৰা বছৰি ভালেসংখ্যক চিকিৎসক সৃষ্টি হৈছে আৰু ইয়াৰ জৰিয়তে চিকিৎসকৰ নাটনিৰ সমস্যা প্রায় সমাধান হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত কৰ্মচাৰীসকলৰ সমস্যাসমূহো আলোচনাৰ মাধ্যমেৰে সমাধানৰ আশ্বাস দিয়ে। শ্রীসিংহলে আজি ডিব্ৰুগড় জিলাৰ টিংখাং প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰে। এই স্বাস্থ্য কেন্দ্ৰটোত বহিঃৰোগ কক্ষ, জৰুৰীকালীন কক্ষ, পেথলেবকে ধৰি প্ৰায়বোৰ উন্নত মানৰ সুবিধা উপলব্ধ হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।