ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ সভাপতিত্বত স্বাস্থ্য মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ সভাপতিত্বত কালি স্বাস্থ্য মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলক লৈ নতুন দিল্লীত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। নতুন চৰকাৰ গঠনৰ প্ৰথম ১০০ দিনৰ ভিতৰত মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱাৰ বিষয়ে বৈঠকত পৰ্যালোচনা কৰা হয়।

Image

দেশজুৰি চিকিৎসা সুবিধা আৰু স্বাস্থ্য ব্যৱস্থাৰ মান অধিক উন্নত কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্রদান কৰিছে। তেওঁ প্রধানমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত জৰুৰীকালীন সঁহাৰি ব্যৱস্থাপনাৰ দৰে কাৰ্যসূচীত প্ৰযুক্তিবিদ্যাৰ সহায় লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসংক্ৰামক ৰোগৰ ক্রমবর্ধমান প্ৰাদুৰ্ভাৱ, ধঁপাতৰ ক্ষতিকাৰক প্ৰভাৱ, স্বাস্থ্যসন্মত খাদ্য আৰু জীৱনশৈলী সন্দৰ্ভত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।