স্বাস্থ্যখণ্ডৰ পৰা আৰম্ভ কৰি সামাজিক সুৰক্ষা পর্যন্ত সকলো দিশতে ভাৰতবৰ্ষই সম্প্রতি পৰিপূৰ্ণতা লাভ কৰিছে আৰু এয়া সামাজিক সুৰক্ষাৰ অন্যতম দৃষ্টান্ত হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত আজি এইদৰে মত ব্যক্ত কৰে। আন্তৰাষ্ট্ৰীয় শ্রম সংগঠন আই এল অ’ৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে তেওঁ ভাৰতত সামাজিক সুৰক্ষা আঁচনিৰ সফল ৰূপায়ণৰ বিষয়ে ব্যাখ্যা কৰে। দেশৰ ৬৪ শতাংশতকৈও অধিক লোক সম্প্রতি সামাজিক সুৰক্ষা আঁচনিৰ জৰিয়তে উপকৃত হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে ২০১৫ চনলৈকে ২৫ কোটিতকৈও কম সংখ্যক লোক এনে আঁচনিৰ জৰিয়তে উপকৃত হোৱাৰ বিপৰীতে সম্প্ৰতি প্ৰায় ৯৫ কোটি লোকে এই আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ তথ্য সদৰি কৰে।
Site Admin | June 29, 2025 7:01 PM | Mann Ki Baat
স্বাস্থ্যখণ্ডৰ পৰা আৰম্ভ কৰি সামাজিক সুৰক্ষা পর্যন্ত সকলো দিশতে ভাৰতবৰ্ষই সম্প্রতি পৰিপূৰ্ণতা লাভ কৰিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
