ডাউনলোড
মোবাইল এপ

android apple
signal

স্বাধীনতা সেনানী ছহিদ কুশল কোঁৱৰৰ স্মৃতি দিৱসত ৰাজ্যবাসীৰ শ্রদ্ধা নিবেদন

স্বাধীনতা সংগ্রামী ছহিদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত গোলাঘাট জিলাৰ সৰু পথাৰত ৰে’ল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সংগ্ৰামীগৰাকীক গ্ৰেপ্তাৰ কৰি মৃত্যু দণ্ডৰ হুকুম দিয়া হৈছিল। ১৯৪৩ চনৰ আজিৰ তাৰিখতে কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি পুৱা মহানগৰীৰ নেহৰু উদ্যানত ছহিদ কুশল কোঁৱৰৰ পূণ্যতিথি উপলক্ষে এটি শ্রদ্ধাঞ্জলী অনুষ্ঠানৰ আযোজন কৰা হয়। এই অনুষ্ঠানত পৰিবেশ আক বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া উপস্থিত থাকি ছহিদগৰাকীৰ প্রতি শ্রদ্ধাঞ্জলী জ্ঞাপন কৰে। স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ছহিদ গৰাকীৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে দেশ প্ৰেমৰ অনন্য নিদর্শন দাঙি ধৰি ছহিদ হোৱা এইগৰাকী বীৰ সেনানীৰ মাতৃভূমিৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভালপোৱাক ৰাজ্য তথা দেশবাসীয়ে সদায় সোঁৱৰণ কৰিব বুলি মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক