স্বাধীনতা সংগ্ৰামী বীচা মুণ্ডাৰ আজি ১২৫ সংখ্যক মৃত্যু বার্ষিকী

স্বাধীনতা সংগ্ৰামী বীচা মুণ্ডাৰ আজি ১২৫ সংখ্যক মৃত্যু বার্ষিকী। তেওঁ জনজাতীয় মানুহৰ অধিকাৰ আৰু সন্মানৰ বাবে যুঁজিছিল। ১৮৭৫ চনৰ ১৫ নৱেম্বৰত ঝাৰখণ্ডৰ উলিহাটু অঞ্চলত বীচা মুণ্ডাৰ জন্ম হৈছিল। জার্মান মিছন স্কুলত শিক্ষা জীৱনৰ পাটনি মেলা মুণ্ডাই জনজাতীয় লোকসকলৰ উত্তৰণৰ বাবে অহৰহ কাম কৰিছিল। শিক্ষাৰ জৰিয়তে জনজাতীয় লোকসকলক ধৰ্মান্তৰিত কৰাৰ বাবে ব্ৰিটিছে লক্ষ্য বান্ধি লৈছিল। এই অভিজ্ঞতাই বীৰচা মুণ্ডাক Birsait নামৰ এটা সংস্থা গঠনৰ বাবে অনুপ্ৰেৰণা যোগাইছিল। এই সংস্থাৰ জৰিয়তে জনজাতীয় লোকসকলৰ পৰম্পৰাগত বিশ্বাস ঘূৰাই অনাৰ বাবে আৰু ব্ৰিটিছ প্ৰভাৱৰ পৰা মুক্ত হ’বলৈ কাম কৰিছিল । উলগুলান আন্দোলনৰ সময়ত বীচা মুণ্ডাৰ কাৰ্যকলাপে শীৰ্ষ স্থান লাভ কৰিছিল। উলগুলান অভিযানৰ জৰিয়তে জনজাতীয় অধিকাৰ, ভূমি আৰু সম্পদৰ মালিকীস্বত্বৰ বাবে কাম কৰা হৈছিল। বীৰচা মুণ্ডাৰ জন্মদিন ১৫ নৱেম্বৰৰ দিনটো প্ৰতিবছৰে জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰি অহা হৈছে। ঝাৰখণ্ডৰ ৰাজ্যপাল সন্তোষ কুমাৰ গংগোৱাৰ আৰু মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে বীচা মুণ্ডাৰ সোঁৱৰণত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।