● স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্ৰপন্থী সংগঠনসমূহে কোনো ধৰণৰ কূটাঘাটমূল কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে উজনি অসমৰ লগতে গুৱাহাটী মহানগৰী আৰু নামনি অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। বিশেষকৈ পাইপলাইন, ৰে’ল পথ, ৰে’ল ষ্টেচন, বাছ আস্থান, দলং আদিৰ দৰে স্পৰ্শকাতৰ স্থানসমূহত নিৰাপত্তাৰক্ষীয়ে কঠোৰ দৃষ্টি ৰাখিছে। একেদৰে অসম সংলগ্ন আন্তঃৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক সীমান্ততো কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে। উজনি অসমৰ পাঁচখন জিলা ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউক সামৰি ইতিমধ্যে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই বৈঠক অনুষ্ঠিত কৰাৰ লগতে এই জিলাকেইখনত যাতে উগ্ৰপন্থীয়ে কোনোধৰণৰ কুটাঘাট সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি বিশেষ নজৰ ৰাখিছে। উজনি-নামনিৰ পথত বিভিন্ন বাহনত আৰক্ষীয়ে তন্ন তন্নকৈ তালাচী অব্যাহত ৰাখিছে। ৰে’ল কৰ্তৃপক্ষকো ৰে’ল পথ আৰু মূল ষ্টেচনত অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰিবলৈ কোৱা হৈছে। গুৱাহাটী মহানগৰীত আলফা স্বাধীনে কূটাঘাটমূলক কাৰ্য সংঘটিত কৰিব পাৰে বুলি চোৰাংচোৱা সংস্থাই মহানগৰ আৰক্ষীক তথ্য দিয়াৰ পাছতে আৰক্ষীৰ শীর্ষ বিষয়াসকলে কেইবাখনো বৈঠকৰ আয়োজন কৰি বিষয়টো সন্দৰ্ভত পর্যালোচনা কৰিছে। উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্বৰ দৰে এইবাৰো খানাপাৰা পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱসৰ আয়োজন কৰিছে। অসম আৰক্ষীত নতুনকৈ অন্তৰ্ভুক্ত হোৱা কেইবাটাও নিৰাপত্তা বাহিনীৰ গোটে স্বাধীনতা দিৱসৰ পেৰেডত অংশগ্ৰহণ বাবে পূর্ণ প্রস্তুতি চলাইছে।
Site Admin | August 11, 2025 11:56 AM | Akashvani Guwahati | Akashvani News | Independence Day
স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা
