স্বাধীনতা দিৱসৰ বাবে ৰাজ্যজুৰি বিভিন্ন জিলা প্ৰশাসনে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে। আলফা স্বাধীনকে ধৰি কেইবাটাও উগ্রপন্থী সংগঠনে এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ পাছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্রপন্থী সংগঠনসমূহে কোনো ধৰণৰ কূটাঘাটমূলক কার্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে উজনি অসমৰ লগতে গুৱাহাটী মহানগৰী আৰু নামনি অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে।
প্ৰতিকূল বতৰৰ মাজতে স্বাধীনতা দিৱস উদযাপনৰ বাবে তিনিচুকীয়া জিলা প্রশাসনেও প্রস্তুতি অব্যাহত ৰাখিছে। আৰক্ষী, অৰ্ধ-সামৰিক বাহিনী, গৃহৰক্ষী বাহিনীকে ধৰি স্কাউট গাইডৰ দলে প্রতিদিনে বৰগুৰিৰ আই আই টি খেলপথাৰত পেৰেডৰ অনুশীলন চলাই আছে। স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ১৫ আগষ্টত জিলা প্ৰশাসনে কেইবাটাও সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে।
স্বাধীনতা দিৱস উদযাপনৰ বাবে বজালী জিলা প্ৰশাসনেও প্রস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হ’বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ বাবে জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেডৰ অনুশীলন অব্যাহত ৰাখিছে।
আনহাতে যোৱা ২ আগষ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত বিভিন্ন জিলাত প্রশাসনে সমদল আদিৰ আয়োজন কৰিছে ।
ভাৰতীয় জনতা পাৰ্টিৰ গুৱাহাটী মহানগৰ সমিতিৰ নৱগ্ৰহ মণ্ডলৰ উদ্যোগত উজান বজাৰত তিৰংগা যাত্ৰা উলিওৱা হয়। বিধায়ক সিদ্ধার্থ ভট্টাচার্যকে ধৰি কেইবাগৰাকীও দলীয় কর্মীয়ে অংশ লয়।শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ তিনিওটা মণ্ডল সমিতিৰ উদ্যোগত আৰু যুৱ মৰ্চাৰ সহযোগত আয়োজিত তিৰংগা যাত্ৰাত বিধায়ক গণেশ কুমাৰ লিম্বুৱে অংশগ্ৰহণ কৰে।
দেশৰ সুৰক্ষাৰ বাবে সৈনিকসকলৰ ত্যাগ আৰু বলিদানক সন্মান জনাই ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত খোৱাং বিধানসভা সমষ্টিৰ লৰুৱা মণ্ডল সমিতিৰ উদ্যোগতো আজি তিৰংগা যাত্ৰা উলিওৱা হয়। বিধায়ক চক্ৰধৰ গগৈৰ লগতে স্থানীয় লোকে দেশপ্রেমমূলক শ্ল’গান দি এই সমদলত অংশ লয়।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদতো আজি হৰ ঘৰ তিৰংগা কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে চাইকেল সমদল উলিয়ায়।
হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত চি আৰ পি এফৰ নেতৃত্বত কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে আজি এটা সমদল উলিয়ায়
হোজাই জিলাৰ লামডিঙত বিজেপি মণ্ডলৰ উদ্যোগত তিৰংগা যাত্ৰা উলিওৱা হয়। বিধায়ক শিবু মিশ্ৰৰ লগতে বিজেপি কৰ্মী আৰু কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে এই সমদলত অংশ লয়।
বৰপেটা জিলাৰ হাউলীৰ সীমা সুৰক্ষা বাহিনীৰ জোৱানসকলে আজি এই অভিযানৰ সৈতে সংগতি ৰাখি মটৰচাইকেল সমদল উলিয়ায়। এই শোভাযাত্ৰাৰ জৰিয়তে তেওঁলোকে স্বাধীনতা দিৱসত প্ৰতিটো পৰিয়ালক নিজৰ ঘৰৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ আহ্বান জনায়।
শিলচৰৰ অসম বিশ্ববিদ্যালয়তো হৰ ঘৰ তিৰংগা কাৰ্যসূচী অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ এই কাৰ্যসূচীত অংশ লয়।
ইপিনে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ কুমাৰশালী ভি চি ডি চিৰ সভাপতি দীপচন নাৰ্জাৰী আৰু তেওঁৰ পত্নী সুখুশ্ৰী বালা ব্ৰহ্মই দিল্লীৰ লালকিল্লাত হ’বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰণ লাভ কৰাৰ পাছতে আজি দিল্লী অভিমুখে ৰাওনা হৈছে। দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে দুয়োগৰাকী ব্যক্তিকে জিলা প্ৰশাসনে সম্বর্ধনা জনায় ৷
Site Admin | August 12, 2025 8:32 PM | I Day Prepare
স্বাধীনতা দিৱসৰ বাবে ৰাজ্যজুৰি বিভিন্ন জিলা প্ৰশাসনৰ প্রস্তুতি প্রায় সম্পূৰ্ণ
