স্বাধীনতা দিৱসৰ পূৰ্বে উজনি অসমৰ ৫ খন জিলা ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউৰ গুৰুত্বপূৰ্ণ স্থানৰ সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ যোৱানিশা ডিব্ৰুগড়ৰ আৰক্ষী অতিথি শালাত এখন উচ্চ স্তৰীয় পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত তেলৰ পাইপ লাইন, ৰে’লপথ বৃহৎ দলং আৰু অন্য গুৰুত্বপূৰ্ণ সম্পত্তিসমূহৰ সুৰক্ষাত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। একেদৰে দেশৰ শক্তিখণ্ডত উজনি অসমত গুৰুত্বৰ কথা বিবেচনা কৰি অইল ইণ্ডিয়া লিমিটেডৰ খাদ আৰু পাইপ লাইন আদিৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হয়। এই পুনৰীক্ষণ বৈঠকত ৰাজ্যিক আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় সুৰক্ষা সংস্থাসমূহৰ মাজত সমন্বয়ৰ প্ৰটকলসমূহক লৈও আলোচনা কৰা হয়। বৈঠকত স্বাধীনতা দিৱসৰ সময়ছোৱাত উগ্রপন্থী সংগঠনসমূহে চলাব পৰা কূটাঘাতৰ আশংকা কৰি ৰে’ল কৰ্তৃপক্ষক মুখ্য ৰে’লপথ আৰু গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত অতিৰিক্ত সুৰক্ষা ব্যৱস্থা কৰিবলৈ কোৱা হয়। বৈঠকত আৰক্ষীৰ সুৰক্ষা মহাপৰিদৰ্শক ইমদাদুল হুছেইন বৰাই অধ্যক্ষতা কৰে।
Site Admin | August 10, 2025 12:05 PM | Assam Police
স্বাধীনতা দিৱসৰ পূৰ্বে উজনি অসমৰ ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউৰ গুৰুত্বপূৰ্ণ স্থানৰ আৰক্ষীৰ সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা
