ডাউনলোড
মোবাইল এপ

android apple
signal

August 11, 2025 7:34 PM | 15 august 2025

printer

সমাগত স্বাধীনতা দিৱস; জিলা প্ৰশাসনসমূহৰ প্রস্তুতি প্রায় সম্পূর্ণ

স্বাধীনতা দিৱসলৈ মাজত মাথোঁ তিনিটা দিন বাকী থকা অৱস্থাত বিভিন্ন জিলা প্ৰশাসনে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে। বিভিন্ন জিলাত হৰ ঘৰ তিৰংগা অভিযানৰ অংশৰূপে চাইকেল সমদলৰ আয়োজন কৰা হৈছে। বিভিন্ন জিলাৰ সদৰত আৰক্ষী, চি আৰ পি এফ, এন চি চি আৰু স্কাউট এণ্ড গাইডৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেডৰ অনুশীলন কৰা পৰিলক্ষিত হৈছে। ইফালে গুৱাহাটীৰ চানমাৰিত অৱস্থিত অসম ৰাজ্যিক খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে ৫ হাজাৰ জাতীয় পতাকা প্ৰস্তুত কৰাৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত খাদী ব’ৰ্ডৰ বিপণন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া বেঞ্জামিন ৰংমায়ে জনোৱা অনুসৰি এইবাৰ স্বাধীনতা দিৱস উপলক্ষে প্রায় ২৫ লাখ টকা মূল্যৰ ভিন্ন আকাৰৰ পতাকা প্ৰস্তুতৰ কাম হাতত লোৱা হৈছে। সেই অনুসৰি ১০ গৰাকী শিপিনীয়ে ইতিমধ্যে ৫ হাজাৰ পতাকা প্ৰস্তুতৰ কাম সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ২৫টাকৈ খাদী ভাণ্ডাৰৰ লগতে বিভিন্ন চৰকাৰী বিভাগ, জিলা আয়ুক্তৰ কাৰ্যালয়লৈ পতাকা প্ৰেৰণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। গোলাঘাট জিলাৰ এ এছ আৰ এল এমৰ অন্তৰ্গত বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকলে হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত হাতে বোৱা তিৰংগা বিক্ৰী কৰাৰ কাম আৰম্ভ কৰিছে। ইয়াৰ বাবে বিভিন্ন বিক্রী কেন্দ্র স্থাপন কৰাৰ লগতে বিভিন্ন কাৰ্যসূচী যুগুত কৰা হৈছে। হৰ ঘৰ তিৰংগা অভিযানৰ অংশস্বৰূপে গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আজি পুৱা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰাংগণৰ পৰা স্বাধীনতা সমদল উলিওৱা হয়। ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত, আৰক্ষী প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগৰ সহযোগত ধেমাজিত আজি তিৰংগা সমদল উলিওৱা হয়। ধেমাজি জিলা আয়ুক্তই পতাকা জোকাৰি এই সমদলৰ শুভাৰম্ভ কৰে। মটৰচাইকেল সমদলত ধেমাজি জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকেও অংশগ্ৰহণ কৰে। পার্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১২৮ নম্বৰ বেটেলিয়নৰ ডেল্টা কোম্পানী আৰু লাংপি শিশু বিদ্যা নিকেতনৰ সহযোগত তিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পাৰ্বত্য জিলাখনৰ লেঙেৰীত অনুষ্ঠিত এই হৰ ঘৰ তিৰংগা কাৰ্যসূচীত তিৰংগা যাত্ৰাৰ উপৰি প্ৰতিটো ঘৰতে জাতীয় পতাকা উৰুৱাই স্বাধীনতাৰ গৌৰৱ অনুভৱ কৰিবৰ বাবে ১২৮ নম্বৰ বেটেলিয়নৰ সহকাৰী সেনাধ্যক্ষ এল শ্বেৰত’ৱে আহ্বান জনাইছে।