ব্ৰিটিছ ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিশুৰ পৰা বৃদ্ধলৈ অগণন লোকে স্বাধীনতা আন্দোলনত স্বতস্ফূর্তভাৱে অংশ লৈছিল। স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা বুলি তথ্য থকাসকলৰ বাহিৰেও অগণন বীৰ সেনানীয়ে দেশৰ হকে উত্তৰ-পূৰ্বাঞ্চলৰ পৰাই ৰণ কৰিছিল। সেই সমৃদ্ধ ইতিহাসক সামৰি বিস্তৰ গৱেষণাৰ থল আছে। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত স্বাধীনতা সংগ্ৰামত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিকা শীর্ষক আলোচনাত অংশলৈ Untold Stories of the Freedom struggle from North East Indiaৰ লেখক বিশিষ্ট সাংবাদিক, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য্য ড° সমুদ্র গুপ্ত কাশ্যপে কালি এই কথা প্ৰকাশ কৰে। অনুষ্ঠানটোত ড° কাশ্যপে অসমৰ উপৰি উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰে স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশলোৱা কেইবাগৰাকীও বীৰ সেনানীৰ বিষয়ে উল্লেখ কৰে। তেওঁ ফুলগুৰিৰ কৃষক বিদ্ৰোহৰ পৰা আৰম্ভ কৰি ভাৰত ত্যাগ আন্দোলন আৰু স্বাধীনতা লাভৰ সময়লৈকে সামৰি সেই অঞ্চলৰ লোকৰ আন্দোলনৰ সম্যক বিশ্লেষণ দাঙি ধৰে। তেওঁ নতুন প্ৰজন্মক এই সমৃদ্ধ ইতিহাসৰ বিষয়ে আগ্ৰহী হৈ অধ্যয়ন কৰিবলৈ আহ্বান জনায়।
Site Admin | August 10, 2025 11:52 AM | Dristipat
স্বাধীনতা আন্দোলনত শ্বহীদসকলৰ বাহিৰেও অগণন বীৰ সেনানীয়ে দেশৰ হকে উত্তৰ-পূৰ্বাঞ্চলৰ পৰাই ৰণ কৰিছিল দৃষ্টিপাত অনুষ্ঠানত ড° সমুদ্র গুপ্ত কাশ্যপৰ মন্তব্য
