ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

কাইলৈ স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা বিষয়বস্তু হিচাপে লৈ দেশত স্বচ্ছতাই সেৱা অভিযান-২০২৪ আৰম্ভ হ’ব

স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা বিষয়বস্তু হিচাপে লৈ কাইলৈ দেশত স্বচ্ছতাই সেৱা অভিযান ২০২৪ আৰম্ভ হব। এই অভিযান অহা ২ অক্টোবৰলৈকে চলিব। দেশৰ পৰ্যটনস্থলী, ৰাজহুৱা ভৱন, বাণিজ্যিক অঞ্চল, জলাশয়, চিৰিয়াখানা তথা ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ দৰে বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে এই অভিযান চলোৱা হ’ব। এই উপলক্ষে আজিও বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে স্বচ্ছতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। উত্তৰ পূৱ সীমান্ত ৰেলৱে আজি শপত গ্রহণ কাৰ্যসূচীৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। উত্তৰ পূৱ সীমান্ত ৰেলৱে মহাপ্ৰৱন্ধকৰ পৰিচালনাত বিভাগৰ জ্যেষ্ঠ বিষয়া, কৰ্মচাৰী, বিভিন্ন সংস্থা আৰু একতা সভাৰ প্ৰতিনিধিৰ উপস্থিতিত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ সকলো মণ্ডলতে অনুষ্ঠিত এই কাৰ্যসূচীৰ জৰিয়তে ৰেল বিভাগৰ কৰ্মচাৰী আৰু যাত্ৰীসকলৰ মাজত অনাময়ৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে হাতত লোৱা হৈছে। এই অভিযানত চাফাই মিত্র, অনাময় কৰ্মী আৰু আন আন অংশীদাৰসকলক স্বীকৃতি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।
ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰালয়ে দেশজুৰি জনসাধাৰণৰ বাবে স্বচ্ছতাৰ বাবে বিভিন্ন কাৰ্যসূচী আয়োজনৰ পৰিকল্পনা কৰিছে। সমাজৰ ভিন্ন দৃষ্টিভংগীৰ আধাৰত তিনিটা মুখ্য দিশক সামৰি চলিত বৰ্ষৰ অভিযান আয়োজন কৰা হৈছে। এই দিশসমূহ হৈছে- স্বচ্ছতা বিশেষ গোটসমূহৰ বাবে শ্রমদান কাৰ্যসূচী, স্বচ্ছতাত জনসাধাৰণৰ অংশগ্ৰহণ আৰু ছাফাই মিত্ৰ সুৰক্ষা শিবিৰ। এই অভিযানত দেশজুৰি নাগৰিক সকলকে ধৰি বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান, বেচৰকাৰী সংস্থা, উন্নয়নমূলক সংস্থা, স্থানীয় নগৰীয়া গোটসমূহ, পঞ্চায়ত তথা বিভিন্ন অংশীদাৰীয়ে অংশগ্ৰহণ কৰিব। সমগ্ৰ চৰকাৰ দৃষ্টিভংগীৰ অধীনত সকলো ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, মুখ্যমন্ত্রী, কেন্দ্রীয় মন্ত্ৰ্যালয় তথা স্থানীয় গোটসমূহে দেশজুৰি এই অভিযান সফল কৰিবলৈ স্বচ্ছতা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।