স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিন

স্বনামধন্য কবি, শিশু সাহিত্যিক, ঔপন্যাসিক নৱকান্ত বৰুৱাৰ ওপজা দিনটো আজি কবিতাৰ দিন হিচাপে পালন কৰা হৈছে। এখুদ ককাইদেউ হিচাপে পৰিচিত বিশিষ্ট কবি, সাহিত্যিক, শিক্ষাবিদ নৱকান্ত বৰুৱাৰ ৯৯ সংখ্যক জন্মবার্ষিকীত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। অসমীয়া আধুনিক কবিতাৰ নৱজাগৰণৰ বাহকৰূপে সন্মানিত বৰুৱাৰ কবিতাসমূহৰ ভাৱ আৰু ভাষাই সাম্প্রতিক সময়তো জনমানসক আলোড়িত কৰে।

আধুনিক অসমীয়া কবিতাক অনন্য মাত্ৰা প্ৰদান কৰি যোৱা কবিগৰাকীৰ কবিতাসমূহত জীৱনৰ অনুপম সৌন্দৰ্য, মৃত্যু ৰহস্য আৰু প্ৰেমৰ অনন্য ৰূপ প্ৰতিভাত হৈছে।
হেৰ অৰণ্য, হে মহানগৰ, ৰত্নাকৰ, এটি দুটি এঘাৰটি তৰাকে ধৰি কেইবাখনো কাব্য সংকলন ৰচনা কৰা বৰুৱাৰ ককাদেউতাৰ হাড় উপন্যাসখনে ১৯৭৫ চনত সাহিত্য একাডেমী বঁটা লাভ কৰে। ১৯৯৩ চনত অসম উপত্যকা সাহিত্য বঁটা, ১৯৯৮ চনত কমল কুমাৰী বঁটাৰ লগতে ১৯৭৬ চনত পদ্মভূষণ সন্মানেৰে তেওঁ সন্মানিত হৈছিল। কেইবাখনো মননশীল প্ৰৱন্ধ সংকলন, অনুবাদ সাহিত্য, নাটক আৰু বিশেষকৈ শিশু মনস্বত্ব উপলব্ধি কৰি লিখা শিশু ৰচনাসমূহে সাহিত্যিকগৰাকীৰ অসমীয়া সাহিত্যলৈ বহুমুখী অৱদানকে প্রতিফলিত কৰে। আজি কবিতাৰ দিন উপলক্ষে সাহিত্যিকগৰাকীৰ স্মৃতিত গুণমুগ্ধসকলে শ্রদ্ধা তৰ্পন কৰিছে।
সাহিত্যিকগৰাকীৰ জন্মবার্ষিকী উপলক্ষে এটা বার্তাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, যে তেওঁৰ অৱদানেৰে অসমৰ সাহিত্য আৰু শিক্ষাৰ জগতে সমৃদ্ধিৰ নতুন ভাষা লাভ কৰিছিল।