স্বচ্ছ সর্বেক্ষণ ২০২৪-২৫ বৰ্ষৰ সমীক্ষা অনুসৰি গুৱাহাটী উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে পৰিগণিত হৈছে। সমীক্ষাত গুৱাহাটী চহৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিশ্ৰুতিসম্পন্ন স্বচ্ছ চহৰ বঁটা লাভ কৰিছে। ৩ লাখৰ পৰা ১০ লাখ জনসংখ্যাৰ চহৰলৈ আগবঢ়োৱা এই সন্মানৰ তালিকাত গুৱাহাটী চহৰে ৪৪ সংখ্যক স্থান লাভ কৰিছে। অনাময় ব্যৱস্থা আৰু আৱৰ্জনামুক্ত চহৰৰ ক্ষেত্ৰত গুৱাহাটীয়ে প্ৰমাণপত্ৰ লাভ কৰে। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত স্বচ্ছ সর্বেক্ষণ ২০২৪-২৫ বঁটা প্ৰদান অনুষ্ঠানত অংশ লৈ এই বঁটাসমূহ গ্ৰহণ কৰে। গুৱাহাটীবাসী সুসংগঠিত পৰিশ্ৰম, প্ৰতিশ্ৰুতি আৰু সচেতনতাৰ এয়া প্ৰতিফলন বুলি শ্ৰীশৰণীয়াই মন্তব্য কৰে। এই বঁটাই ভৱিষ্যতে এখন স্বচ্ছ, সেউজ গুৱাহাটী চহৰ গঢ়ি তোলাৰ অনুপ্ৰেৰণা যোগাই তুলিব তেওঁ আশা প্রকাশ কৰে। বঁটাসমূহ গ্ৰহণ কৰাৰ অন্তত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়লৈ ধন্যবাদ জ্ঞাপন কৰে। গুৱাহাটীক স্বচ্ছ আৰু পৰিষ্কাৰ চহৰ হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ এয়া স্বীকৃতি বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত উল্লেখ কৰে। গুৱাহাটীকে ধৰি অসমৰ প্ৰতিটো অঞ্চলতে এনে যাত্ৰাত সামৰি লোৱা হ’ব বুলি তেওঁ কয়।
Site Admin | July 17, 2025 6:50 PM | Akashvani | Akashvani Guwahati | Guwahati | Swachh Survekshan Award
স্বচ্ছ সর্বেক্ষণ ২০২৪-২৫ বৰ্ষৰ সমীক্ষাত গুৱাহাটী উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ হিচাপে পৰিগণিত
